আজি ২৫ এপ্ৰিল

➡️১২৮৪ চনত ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডৰ জন্ম।
➡️১৭১৯ চনত ইংৰাজ ঔপন্যাসিক ডেনিয়েল ডিফোৰ প্ৰসিদ্ধ গ্ৰন্থ ‘ৰবিনছন ক্ৰুছো’ৰ প্ৰথম প্ৰকাশ হয়।
➡️১৭৪৪ চনত ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াছৰ মৃত্যু হয়।
➡️১৮২২ চনত ইংৰাজ জ্যোতিবিজ্ঞানী উইলিয়াম হাৰ্ছেলৰ মৃত্যু হয়। ১৭৮১ চনৰ ১৩ মাৰ্চত হাৰ্ছেলে ইউৰেনাছ গ্ৰহ আৱিষ্কাৰ কৰিছিল।
➡️১৮৭৪ ইটালীৰ পদাৰ্থ-বিজ্ঞানী আৰু যন্ত্ৰবিদ গুগ্লিয়েলমো মাৰ্কনীৰ
জন্ম। অনাতাঁৰ পদ্ধতি আৱিষ্কাৰৰ বাবে তেওঁ ১৯০৯ চনত পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৩ চনত ব্ৰিটিছ বিজ্ঞানীৰ দ্বাৰা ডি এন এৰ (ডি অক্সিৰাইবোনিউক্লিক এচিড) আণৱিক গঠনৰ ব্যাখ্যা উত্থাপন কৰা হয়। ডি এন হ’ল জীৱকোষৰ জিন (উত্তৰাধিকাৰী সূত্ৰে চাৰিত্ৰিক গুণ বহন কৰা উপাদান) গঠনকাৰী ৰাসায়নিক উপাদান।
➡️১৯৮২ চনত ভাৰতৰ চৰকাৰী টেলিভিচন সেৱা ‘দূৰদৰ্শন’ৰ ৰাষ্ট্ৰীয় ৰঙীন কাৰ্যসূচীত প্ৰথম সম্প্ৰচাৰিত হয় সত্যজিৎ ৰায়ৰ হিন্দী ছবি ‘সদগতি’।
➡️১৯৯০ পৃথিৱীৰ এটা অতি ডাঙৰ আৰু শক্তিশালী টেলিস্কোপ ‘হাবল স্পেচ টেলিস্কোপ’ক মাৰ্কিন মহাকাশ সংস্থা ‘নাছা’ৰ উদ্যোগত মহাকাশত স্থাপন কৰা হয়।
➡️১৯৯১ চনত প্ৰখ্যাত ভাৰতীয় দৌৰবিদ পি টি উষাৰ প্ৰাক্তন কাবাদী খেলুৱৈ শ্ৰীনিবাসনৰ লগত বিবাহ হয়।

You might also like
Leave A Reply

Your email address will not be published.