ৰঙাঘৰতে থাকিব লাগিব ডা: সংগীতা দত্ত

জামিন নাকচ ৰাজ্য কঁপোৱা শিশু নিৰ্যাতন কাণ্ডৰ অভিযুক্তৰ

ঙাঘৰতে থাকিব লাগিব ডা: সংগীতা দত্ত
জামিন নাকচ ৰাজ্য কঁপোৱা শিশু নিৰ্যাতন কাণ্ডৰ অভিযুক্তৰ

আজি কামৰূপ POCSO আদালতে প্ৰদান কৰিলে ৰাজ্য কঁপাই যোৱা সংগীতা দত্তৰ শিশু নিৰ্যাতনৰ গোচৰৰ ৰায়দান। POCSO আদালতে নাকচ কৰিলে চিকিৎসক সংগীতা দত্তৰ জামিনৰ আবেদন। সংগীতা দত্তৰ লগতে জামিন নাকচ কৰা হ’ল সংগীতাৰ স্বামী ডা: ৱালিউল ইছলাম আৰু বনকৰা মহিলা লক্ষী ৰয়ৰো। ৫ দিন ধৰি চলা জামিন আবেদনৰ শুনানিৰ অন্তত আজি প্ৰদান কৰা হয় এই ৰায়দান।

অবৈধ ভাৱে নিজৰ ঘৰত ৰখা দুটাকৈ তুলনীয়া শিশুক শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত বিগত বৰ্ষৰ জুলাই মাহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰৰ আলহী কৰিছিল চিকিৎসক দম্পত্তীক। সংগীতা দত্তৰ তুলনীয়া সন্তানক ঘৰৰ ছাঁদত প্ৰখৰ ৰ’দত বান্ধি থোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰি সমগ্ৰ বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছিল স্থানীয় ৰাইজে। ইয়াৰ পাছতে চাইল্ড লাইনৰ সহযোগত পল্টনবজাৰ আৰক্ষীয়ে আটক কৰিছিল সংগীতা দত্ত আৰু স্বামী ৱালিউল ইছলামক।
ইয়াৰ পাছতে ৰাজ্যত শিশু সৰবৰাহৰ এক ভয়ংকৰ চক্ৰৰ তথ্য পোহৰলৈ আহিছিল। শিশু সৰবৰাহৰ সৈতে জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

You might also like
Leave A Reply

Your email address will not be published.