নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঢলি পৰিল নীতিন গাডকাৰী

‘এক্স’ত ভাইৰেল ভিডিঅ’

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঢলি পৰিল নীতিন গাডকাৰী
‘এক্স’ত ভাইৰেল ভিডিঅ’

মঙলবাৰে বিয়লি মহাৰাষ্ট্ৰৰ যৱতমলত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি থকা অৱস্থাতে অজ্ঞান হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। অৱশ্যে সৌভাগ্যক্ৰমে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তৎকালীন চিকিৎসা লাভ কৰাৰ কিছু সময়ৰ পিছত পুনৰ মঞ্চত উঠি নিজৰ ভাষণ আগবঢ়াই।
এই ঘটনাৰ ভিডিঅ’ এক্স (পূৰ্বৰ টুইটাৰ)ত লাইভ ষ্ট্ৰীম কৰা হৈছিল। সেই ভিডিঅ’টো দেখা গৈছিল যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মঞ্চত ভাষণ দি থকা অৱস্থাতে মঞ্চতে ঢলি পৰে আৰু লগে লগে মঞ্চত উপস্থিত থকা সদস্যসকলে কঢ়িয়াই লৈ যায়।

২০১৪ আৰু ২০১৯ চনত নাগপুৰৰ পৰা লোকসভা নিৰ্বাচনত আসন লাভ কৰা নীতিন গাডকাৰীয়ে একেটা সমষ্টিৰ পৰাই প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে যুঁজ দিছে। নীতিন গাডকাৰীয়ে ৰাজশ্ৰী পাটিলৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে যৱতমলৰ নিৰ্বাচনী সভাত উপস্থিত হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.