দেশৰ ৰাজধানীত চাঞ্চল্যকৰ ঘটনা

নিৰ্মীয়মান উৰণ সেঁতুত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

দেশৰ ৰাজধানীত চাঞ্চল্যকৰ ঘটনা
নিৰ্মীয়মান উৰণ সেঁতুত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

দিল্লীৰ এখন নিৰ্মীয়মান উৰণ সেঁতুত আজি পুৱা এজন লোকৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। পশ্চিম দিল্লীৰ কাৰালা অঞ্চলত নিৰ্মাণ হৈ থকা উৰণ সেঁতু এখনৰ মাজত লোহাৰ গ্ৰীলত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
আৰক্ষীয়ে জনোৱা মতে, লোকজনৰ বয়স ২৫-৩০ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে। এইয়া আত্মহত্যাৰ ঘটনা নে হত্যাৰ ঘটনা সেয়া বৰ্তমানেও স্পষ্ট নহয় বুলিও আৰক্ষীয়ে জনায়।ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে মৃতদেহটো নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.