দুষ্টালিৰ শাস্তিৰূপে আৰম্ভ কৰিছিল ক্ৰিকেট

বিশ্ব ক্ৰিকেটে পালে ‘GOD OF CRICKET’

৯৭৩ চনৰ আজিৰ দিনটোতে মুম্বাইত জন্ম হৈছিল এজন ‘ভগৱান’ৰ। কোনো অলৌকিক শক্তি নথকা এই ভগৱানজনৰ আছিল এপাতেই অস্ত্ৰ। সেইয়া আছিল তেওঁৰ বেট।
কিশোৰকালত খুব উৎপতীয়া আছিল ল’ৰাজন। অট্টালিকাৰ ওপৰৰ পৰা তলেৰে যোৱা মানুহৰ গাত পানী ঢালি দিয়া, আম গছৰ ওপৰত উঠি আম পাৰি খোৱা সমনীয়াৰ সৈতে কৰা এনেবোৰ দুষ্টালিৰ বাবেই ওচৰ চুবুৰীয়াৰ মাজত জনাজাত আছিল ল’ৰাজন।
এদিনাখন এটা ৰবিবাৰত ল’ৰাজনৰ ঘৰৰ লগতে চুবুীৰৰ সকলো মানুহ দূৰদৰ্শনত দিয়া এখন চিনেমা চোৱাত ব্যস্ত আছিল। চিনেমাখন আছিল বিজয় আনন্দ পৰিচালিত ছবি “গাইড”| ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ প্ৰায়ভাগেই ব্যস্ত থকাৰ সুযোগতে ল’ৰাজনে সমনীয়া বন্ধু সুনীল আৰু অবিনাশৰ লগত গৈ চুবুৰীৰে এডাল আম গছত উঠিলগৈ| পকা আম খোৱাৰ লোভত ল’ৰাজন আৰু বন্ধু সুনীল এটা ডালতেই উঠিলগৈ। পকা ফলৰ সৈতে আৰু দুজন মানুহৰ ভৰ সহ্য কৰিব নোৱাৰি ডালটো ভাঙি দুইজনেই মাটিত পৰিলহি| ওখ গছৰ পৰা ১০-১১ বছৰীয়া দুজন ল’ৰা মাটিত পৰাত বহু ডাঙৰ শব্দ হ’ল। আমগছৰ গৰাকীয়ে ল’ৰাকেইজনক ধৰি পৰিয়ালক গতাই দিলে| ল’ৰাজনৰ এইবোৰ দুষ্টামি বন্ধ কৰি তেওঁক ব্যস্ত ৰখাৰ বাবেই তেওঁৰ ডাঙৰ ককায়েকে এটা বিশেষ উপায় অৱলম্বন কৰিলে। সেই উপায় আছিল ল’ৰাজনক ক্ৰিকেট একাডেমীত নামভৰ্তি কৰাই দিয়া। ১৯৮৪ চনৰ এটা দিনত ককায়েক অজিত তেণ্ডুলকাৰে ল’ৰাজনক লৈ গৈছিল বেণ্ড্ৰাস্থিত শীৱাজী পাৰ্কলৈ আৰু চিনাকি কৰাই দিছিল ক্ৰিকেট প্ৰশিক্ষক ৰমাকান্ত আৰ্চৰেকাৰৰ লগত।
কিশোৰকালত টেনিচ আছিল ল’ৰাজনৰ প্ৰথম প্ৰেম। সেই প্ৰেমৰ প্ৰতিফলন প্ৰতিলিত হৈছিল তেওঁৰ সাজ-পোচাকত। টেনিচৰ প্ৰতি থকা তেওঁৰ প্ৰেম প্ৰদৰ্শন কৰিবলৈ তেওঁ প্ৰায়েই হাতত টেনিচৰ হেণ্ডবেণ্ড আৰু মূৰত হেডবেণ্ড পৰিধান কৰিছিল। কিন্তু ক্ৰিকেট প্ৰশিক্ষক ৰমাকান্ত আৰ্চৰেকাৰে ল’ৰাজনৰ প্ৰকৃত প্ৰতিভা উপলব্ধি কৰিছিল। তেওঁৰ তত্বাৱধানতে ক্ৰিকেটৰ প্ৰেমত পৰিছিল ল’ৰাজন।
৮০’ৰ দশকৰ শেষত বিশ্ব ক্ৰিকেটত আগমন ঘটিছিল এজন ১৫ বছৰীয়া বাওঁহতীয়া বেটাৰৰ। পাকিস্তানৰ বিৰুদ্ধে খেলা প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় টেষ্ট মেচত পাকিস্তানৰ বেগী বলাৰ ৱাকাৰ ইউনিছৰ বলত আঘাতপ্ৰাপ্ত হৈ ষ্টেডিয়ামতে তেজেৰে লুটুৰি-পুতুৰি হৈছিল সেই ১৫ বছৰীয়া যুৱ ক্ৰিকেটাৰৰ জাৰ্চী। সেইসময়ত ন’ন ষ্ট্ৰাইকাৰ এণ্ডত থকা অভিজ্ঞ বেটাৰ নৱজোৎ সিং সিন্ধুৱে ভাবিছিল এয়াই হয়তো কিশোৰ জনৰ বাবে শেষ টেষ্ট মেচ হ’ব। কিন্তু ভঙা নাকত বেন্দেজ লগাই কিশোৰজনে কৈছিল “ম্যে খেলেগা”। সেয়াই আছিল আৰম্ভণী। সময়ৰ খোজত বিশ্ব ক্ৰিকেটে লাভ কৰিলে ‘ক্ৰিকেটৰ ভগৱান’। তেওঁ হ’ল শচীন ৰমেশ তেণ্ডুলকাৰ।
শচীন তেণ্ডুলকাৰৰ ক্ৰিকেট কেৰিয়াৰৰ বিষয়ে বেলেগ কোৱাৰ প্ৰয়োজন নাই। যিয়ে ক্ৰিকেটৰ কথা জানে তেওঁ শচীন তেণ্ডুলকাৰৰ বিষয়েও জানে। শচীন তেণ্ডুলকাৰ কেৱল এজন ভাৰতীয় তাৰকাই নহয়, সমগ্ৰ বিশ্বৰে ক্ৰিকেটপ্ৰেমী সকলৰ বাবে তেওঁ এজন আদৰ্শ। বিশ্ব ক্ৰিকেটক তেওঁ গঢ়িছে কেইবাটাও নতুন অভিলেখ। তেওঁৰ সকলো অভিলেখ এটা জীৱনতে ভংগ কৰা হয়তো এজন ক্ৰিকেটাৰৰ বাবে সম্ভৱ নহ’ব।
কেৱল তাৰকা ক্ৰিকেটাৰ হিচাপেই নহয়, এজন ভাল আৰু মাটিৰ মানুহ হিচাপেও শচীন ৰমেশ তেণ্ডুলকাৰৰ আছে এক সুকীয়া পৰিচয়। সুদীৰ্ঘ ২৪ বছৰীয়া ক্ৰিকেটীয়া যাত্ৰাত তেওঁৰ নামত নাছিল এটাও বিতৰ্ক। ১৯৮৯ত আৰম্ভ হোৱা এক অবিস্মৰণীয় ক্ৰিকেটীয়া যাত্ৰাৰ অন্ত পৰিছিল ২০১৩ চনত।

আজি সেইজন বিশ্ব তাৰকাৰে ৫১ সংখ্যক জন্মদিন। যাৰ নামত আছে আন্তৰ্জাতিক ক্ৰিকেটত ৩০,০০০ হাজাৰ ৰান সম্পূৰ্ণ কৰা আৰু শতকৰ শতক অৰ্জন কৰাৰ দৰে বিৰল অভিলেখ। মাষ্টাৰ ব্লাষ্টাৰ, ৰাণ মেছিন, God Of Cricket বুলি পৰচিত আমাৰ দেশৰ গৌৰৱ এইজনেই ভাৰতবৰ্ষত ক্ৰিকেটক জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত কৰালে | ক্ৰিকেট খেলিবলৈ, ৰেডিঅ’টো কাণত লৈ বা টিভিৰ সন্মুখত বহি মেচবোৰ উপভোগ কৰিবলৈ এইজনেই দিছিল প্ৰেৰণা| এই ‘ক্ৰিকেটৰ ভগৱান’জনৰ কথা কৈ বা লিখি শেষ কৰিব পৰা সাধ্য নাই। আজি তেওঁৰ উপজা দিনত এই মহান খেলুৱৈগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

You might also like
Leave A Reply

Your email address will not be published.