আজি ৫ মে’

➡️আজি নেদাৰলেণ্ডৰ স্বাধীনতা দিৱস।
➡️১৮১৮ চনত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক আৰু সমাজবাদী আন্দোলনৰ অন্যতম হোতা কাৰ্লমাক্সৰ জন্ম।
➡️১৮২১ আটলান্টিক মহাসাগৰৰ ক্ষুদ্ৰ দ্বীপ ছেন্ট হেলেনাত নিৰ্বাসিত অৱস্থাত নেপোলিয়ান বোনাপাৰ্টৰ মৃত্যু হয়।
➡️১৮৪৬ পোলেণ্ডৰ নোবেল জয়ী ঔপন্যাসিক আৰু গল্পকাৰ হেনৰিক ছিনকিৱিজৰ জন্ম। ১৯০৫ চনত ছিনকিৱিজে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮৯৫ সমাজসেৱক আৰু সাহিত্যিক অমিয় কুমাৰ দাসৰ জন্ম।
➡️১৯১২ ষ্টকহোমত পঞ্চন প্ৰথম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়। এই সমাৰোহ ২২ ডুলাইলৈকে চলে।
➡️১৯১৬ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ জন্ম। জাইল সিঙে ১৯৮২ চনৰ ২৫ জুলাইৰ পৰা ১৯৮৭ চনৰ ২৫ জুলাইলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯২১ চনত বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইটন গেজেট’ৰ প্ৰথম প্ৰকাশ। সংবাদ পত্ৰখনৰ আকাৰ ১০x১৩ চেন্টিমিটাৰ।
➡️১৯৪৪ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ময়িদুল ইছলাম বৰাৰ মৃত্যু হয়।
➡️১৯৫৫ চনত সংসদত হিন্দু বিবাহ-বিচ্ছেদ বিধেয়ক গৃহীত হয়।
➡️১৯৮৪ চনত ফু দৰ্জীৰ মাউন্ট এভাৰেষ্ট আৰোহণ। অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা তেৱেঁই প্ৰথম ভাৰতীয়।
➡️২০০৬ চনত প্ৰসিদ্ধ সংগীত-শিল্পী নৌছাদৰ মৃত্যু হয়।
➡️১৯৯৪ চনত ইজৰাইলৰ প্ৰধান মন্ত্ৰী ইটজাক ৰাবীন আৰু পেলেষ্টাইনৰ নেতা য়াছেৰ আৰাফটৰ মাজত ঐতিহাসিক চুক্তি সম্পাদিত। এই চুক্তি অনুসৰি ‘গোজা’ আৰু ‘জেৰিকো’ক সম্পূৰ্ণৰূপে পেলেষ্টাইনৰ হাতত সমৰ্পণ।
➡️২০০৭ চনত ‘টাইম’ আলোচনীয়ে প্ৰকাশ কৰা পৃথিৱীৰ ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ভাৰতৰ ছোনিয়া গান্ধী, লক্ষ্মী মিট্টাল আৰু ইন্দ্ৰা নুয়ীৰ নাম অন্তৰ্ভুক্ত।

You might also like
Leave A Reply

Your email address will not be published.