আজি ৬ মে’

➡️১৫২৯ চনত গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্রাট বাবৰৰ হাতত পৰাজিত।

➡️১৫৮৯ চনত ভাৰতীয় গায়ক, সংগীতজ্ঞ তানসেনৰ মৃত্যু।

➡️১৮১১ চনত স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লোৰোফৰ্মৰ আৱিষ্কাৰক জেম্‌ছ ইয়ং ছিম্পছনৰ জন্ম।

➡️১৮৪০ চনত বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ, ব্রিটেইনত। ‘পেনি ব্লেক’ নামৰ এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল।

➡️১৮৫৩ চনত মার্কিন সংবাদ-পত্ৰ ‘নিউয়ক হেৰাল্ড’ৰ প্ৰকাশ।

➡️১৮৫৬ চনত অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্রয়েডৰ (Sigmund Freud) জন্ম।

➡️১৮৬১ চনত স্বাধীনতা সংগ্রামী, জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ জন্ম।

➡️১৮৬২ চনত মার্কিন লেখক আৰু প্রকৃতিবিদ হেন্ত্ৰী ডেভিদ থৰোৰ (Henry David Thoreau) ৪৪ বছৰ বয়সত মৃত্যু।

➡️১৯০৪ চনত ছুইডেনৰ নোবেল জয়ী কবি, ঔপন্যাসিক হেৰী মার্টিনছনৰ জন্ম। মার্টিনছনে ১৯৭৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯৪০ চনত ‘গ্ৰেন্থ অব্ ৰেথ’ উপন্যাসৰ বাবে মার্কিন ঔপন্যাসিক জন ষ্টেইনবেকলৈ পুলিৎজাৰ বঁটা।

➡️১৯৪১ চনত যোছেফ ষ্টেলিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি।

➡️১৯৪৯ চনত বেলজিয়ামৰ নোবেল জয়ী ফৰাচী ভাষাৰ নাট্যকাৰ, কবি মৰিচ মেটাৰলিংকৰ মৃত্যু। ‘দা ব্লু বার্ড’ (১৯০৮) তেওঁৰ আটাইতকৈ প্রসিদ্ধ ৰচনা। এইখন ‘নীলা চৰাই’ নামেৰে অসমীয়ালৈও অনূদিত হৈছে। ➡️১৯১১ চনত মেটাৰলিংকে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

➡️১৯৫২ চনত শিক্ষাবিদ, আধুনিক শিক্ষাত মণ্টেছৰী ব্যৱস্থাৰ প্ৰচলন কৰোতা মাৰিয়া মণ্টেছৰীৰ ৮১ বছৰ বসয়ত নেদাৰলেণ্ডছত মৃত্যু।

➡️১৯৫৩ চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ জন্ম।

➡️১৯৬৭ ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি ৰূপে জাকিৰ হুছেইন নির্বাচিত।

➡️২০০২ চনত ১৯ মাহ গৃহবন্দী হৈ থকাৰ পিছত ম্যানমাৰৰ গণতন্ত্রপন্থী নেত্রী আং ছান ছ্যু কীৰ মুক্তি।

➡️২০০২ চনত জেক চিৰাক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নির্বাচিত।

➡️২০০২ চনত ভূপেন্দ্র সিং কৃপালৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ। কৃপালে ➡️২০০২ চনৰ ১৭ ডিচেম্বৰলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।

➡️২০০৩ চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আই এম ডি টি আইন বাতিল বিল সদনৰ নিৰ্বাচিত কমিটীলৈ হস্তান্তৰ।

➡️২০০৫ চনত টনী ব্লেয়াৰৰ তৃতীয়বাৰৰ বাবে ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ প্ৰধ মন্ত্রী হিচাপে শপত গ্রহণ।

You might also like
Leave A Reply

Your email address will not be published.