দেৰগাঁৱৰ বাঁহগুৰি চাৰিআলি সমীপত পথ দুৰ্ঘটনা

বাইকৰ খুন্দাত থিতাতে নিহত এজন সেনা জোৱান

দেৰগাঁৱৰ বাঁহগুৰি চাৰিআলি সমীপত পূৱাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণলৈ গৈ বাইকৰ খুন্দাত থিতাতে নিহত হয় লোকজন। নিহত লোকজন দেৰগাঁও চকিয়াল গাঁৱৰ ৰাজু পাটিৰ। ভাৰতীয় সেনা বাহিনীত কৰ্মৰত জোৱান আছিল ৰাজু পাটিৰ। কেইদিনমান পূৰ্বে ছুটি লৈ ঘৰলৈ অহা জোৱানজনে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে এখন দ্ৰুতবেগী বাইকে পিছফালৰ পৰা খুন্দিয়াই। বাইকখনত তিনিজন আৰোহী থকা বুলি জানিব পৰা গৈছে। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক। স্থানীয় ৰাইজৰ তৎপৰতাত যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আহত দুজনক। জানিব পৰা মতে, তিনিজন আৰোহীয়েই আছিল কিশোৰ। পুৱা টিউচনলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। কিশোৰ কেইজন ছ’গুৰি ধেমাজি গাঁৱৰ। দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.