আজি ৭ মে’

➡️১৮১২ চনত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ জন্ম।
➡️১৮৩২ চনত গ্ৰীচ সাম্ৰাজ্যত পৰিণত।
➡️১৮৪৯ চনত কলকাতাত জন বেথুন, ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আদিৰ উদ্যোগত ‘নেটিভ ফিমেল স্কুল’ প্ৰতিষ্ঠা। পিছলৈ এইখন স্কুলৰে নাম হয়গৈ বেথুন স্কুল।
➡️১৮৬১ চনত কবিগুৰু ৰবীনন্দ্ৰনাথ ঠাকুৰৰ জন্ম।
➡️১৮৬৮ চনত পোলেণ্ডৰ নোবেল জয়ী সাহিত্যিক ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমন্টৰ জন্ম। ‘দা পীজেন্ট’ নামৰ উপন্যাসখনৰ বাবে ৰেমন্টে ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৮৯২ চনত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাশ্বেল টিটোৰ জন্ম।
➡️১৯০৭ চনত মুম্বাইত প্ৰথম ইলেকট্ৰিক ট্ৰামৰ চলাচল আৰম্ভ। ১৯৬৪ চনৰ ৩১ মাৰ্চত এই সেৱা বন্ধ হয়।
➡️১৯৩৪ চনত ফিলিপাইনছত বিশ্বৰ সৰ্ববৃহত মুকতা উদ্ধাৰ। এই মুকুতাটোৰ ওজন আছিল ৬.৪ কিলিগ্ৰাম।
➡️১৯৮৯ চনত জৰ্জ ইষ্টমেনৰ আধুনিক কেমেৰা নিৰ্মাণ আৰু পেটেন্ট গ্ৰহণ। বৰ্তমান এই কেমেৰা ‘কোডাক’ নামে বিখ্যাত।
➡️২০০৫ চনত অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য। জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভস্মীভূত।

You might also like
Leave A Reply

Your email address will not be published.