পৰকীয়া প্ৰেমৰ চৰম পৰিণতি

মৰিয়াই মৰিয়াই পত্নীক হত্যা কৰিলে শিক্ষক স্বামীয়ে!

যোৱা ২ মে’ত নামৰূপৰ ভাড়াঘৰত শিক্ষক স্বামী নীতিকেশ দাসে মৰিয়াই হত্যা কৰে পত্নী পংখী সন্দিকৈক । ইয়াৰ পিছতে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ স্বামী নীতিকেশ দাসৰ । শেহতীয়াকৈ আৰক্ষীৰ তদন্তত ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে নামৰূপ আৰক্ষীয়ে নীতিকেশ দাসক । উল্লেখ্য যে, ফেচবুকত চিনাকি হৈ আজিৰ পৰা ছমাহ পূর্বে চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং কঠীয়াখুন্দাৰ নিবাসী হৰেশ দাস আৰু শিক্ষয়িত্রী দেবযানী বৰুৱা দাসৰ একমাত্ৰ পুত্ৰ তথা এখন চৰকাৰী বিদ্যালয়ৰ কৰ্মৰত শিক্ষক নীতিকেশ দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ডিমৌৰ নিতাইপুখুৰী দুবৰিছিগা গাঁৱৰ ভৈৰৱ সন্দিকৈৰ জ্যেষ্ঠ কন্যা পংখী সন্দিকৈয়ে । নীতিকেশ দাসে কর্মসূত্রে নামৰূপৰ BVFCLত পত্নীক লৈ ভাড়াঘৰত আছিল ।প্ৰথমাৱস্থাত সুখেৰে দিনবোৰ অতিবাহিত হৈছিল, কিন্তু পৰৱর্তী সময়ত স্বামী নীতিকেশ দাসৰ পৰকীয়া প্ৰেমৰ বিষয়ে জানিব পাৰি নিতৌ দুয়োৰে মাজত কাজিয়া হবলৈ ধৰে । অৱশেষত ২ মে’ৰ নিশা মৰিয়াই মৰিয়াই হত্যা কৰে স্বামী নীতিকেশ দাসে । ইফালে, এই হত্যাকাণ্ডক তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে আহোম জাতীয় গণ মঞ্চ, অসম’ৰ কেন্দ্ৰীয় সমিতিয়ে। মুখমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানক উচিত তদন্ত কৰিবলৈ দাবী জনোৱাৰ লগতে হত্যাকাৰী শিক্ষক গৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে আহোম জাতীয় গণ মঞ্চ, অসমৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাই ।

You might also like
Leave A Reply

Your email address will not be published.