ব্যস্ত ৰাজপথৰে বিপদসংকুল যাত্ৰা মহানগৰবাসীৰ

মহানগৰীত ভালুকৰ সাঙীত পৰিণত পদসেতু!

থৰ ডিভাইদাৰ পাৰ কৰি নিজৰ জীৱনক লৈ হেতালি খেলিছে একাংশই। স্মাৰ্ট মহানগৰীৰ বিভিন্ন প্ৰান্তত নানা উন্নয়ন মূলক কাম কৰা হৈছে, তাৰে ভিতৰত পদসেতু অন্যতম। নিতৌ মহানগৰীত হাজাৰ হাজাৰ সাধাৰণ ৰাইজে ব্যস্ত মহানগৰীৰ ব্যস্ত পদসমূহ ইপাৰৰ পৰা সিপাৰ হ’বলৈ ব্যৱহাৰ কৰে এই পদসেতু সমূহ, কিন্তু তাৰ মাজে মাজে দেখিবলৈ পোৱা যায় এটি ব্যক্তিক্ৰমী দৃশ্য। একাংশ পথচাৰীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ নিজৰ জীৱনক আওকাণ কৰি পাৰ হৈ যায় ডিভাইদাৰসমূহ।
ইয়াৰ ভিতৰত প্ৰায়ে মহিলা, বৃদ্ধ আৰু অসুস্থ ব্যক্তিসকলে এনেদৰে পদৰ ইটো দিশৰ পৰা দিশলৈ যাবলৈ এই সহজলভ্য পথটি নিৰ্বাচিত কৰি লয়। তেনে এক স্থানত লগ পোৱা কেইগৰাকীমান পথচাৰীয়ে দৈনিক অসমৰ সাংবাদিকৰ আগত কয় যে, ‘আমি উপায়হীন, হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত আমি চিৰি বগাই যাব নোৱাৰো আৰু মহানগৰীৰ চলন্ত চিৰিসমূহো প্ৰায়ে বিকল হৈ থাকে, যাৰফলত আমি নিজৰ জীৱটো হাতত লয় পাৰ হ’বলগীয়া হয়’।
আনহাতে পথচাৰীৰ একাংশই পথৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ যোৱাৰ পথ বিচাৰি নাপাই ডিভাইদাৰবোৰৰ ওপৰেদিয়েই বিপজ্জনকভাৱে ডেও দি পাৰ হোৱা পৰিলক্ষিত হয়। বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত বিভিন্ন ঠাইত উৰণ সেতুসমূহ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈছে, তাৰ সমান্তৰালকৈ পথচাৰীৰ সুবিধা মৰ্মে কেইবাখনো চলন্ত চিৰি নিৰ্মাণ কৰা হৈছে, কিন্তু অতি কম সময়ৰ ভিতৰত এই চলন্ত চিৰিসমূহৰ সংযোগ ব্যৱস্থা বিকল হোৱাৰ বাবে বহু পথচাৰীয়ে উপায়হীন হৈ এই বিকল্প হিচাপে নিজৰ জীৱনক আওকাণ কৰি পাৰ হৈছে এই বিপদজনক ডিভাইদাৰসমূহ। গুৱাহাটী মহানগৰীৰ এটি জনপ্ৰিয় স্থান ৰাজধানী দিছপুৰ। এই স্থানত নিতৌ একাংশ ব্যক্তিয়ে এনেদৰে পাৰ হয় উক্ত স্থানত থকা ডিভাইদাৰ।
সোমবাৰৰ দিনৰ ১২.৩০ বজাত পথৰ ইটো দিশৰ পৰা সিটো দিশলৈ বিপজ্জনকভাৱে ডিভাইদাৰৰ ওপৰেৰে দি পাৰ হৈ গৈছিল এগৰাকী বয়োজেষ্ঠ ব্যক্তি। মহানগৰীৰ সচিবালয়ৰ সন্মুখৰ এনে দৃশ্যই এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে যিটো পথৰে নিতৌ অহা যোৱা কৰে মন্ত্ৰী বিধায়কে, সেই পথচোৱাত নাই কোনো আৰক্ষী বিষয়া, নাই কোনো যান-বাহন আৰক্ষী। পথচাৰীসকলে এনেদৰে পথ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়ত বিপৰীত দিশৰ পৰা অহা গাড়ীয়ে ভয়াৱহ দূৰ্ঘটনা সংঘটিত কৰিব পাৰে যাৰফলত মুহূৰ্ততে প্ৰাণ হেৰুৱাব পাৰে কোনো ব্যক্তিয়ে।
মহানগৰীৰ পথচাৰী সকলৰ যাতায়াতৰ এই সমস্যাৰ কথা মহানগৰীৰ যান-বাহন আৰক্ষীৰ লগতে বৰ্তমান চৰকাৰ খনেও গুৰুত্ব দিয়া উচিত। কাৰন দূৰ্ঘটনা এটা সংঘটিত হোৱাৰ পিছত এটা পক্ষই আন এটা পক্ষক দোষাৰোপ কৰিলে সমস্যাৰ সমাধান নহয়। দূৰ্ঘটনা এটা পতিত হোৱাৰ আগতেই আৰক্ষীৰ লগতে পথচাৰীসকলেও সতৰ্ক হওঁক লগতে যান-বাহন আৰক্ষীয়ে নিজৰ কৰ্তব্য সূচাৰূপে পালন কৰি যাওঁক। তেতিয়াহে নিৰাপদ হ’ব পথচাৰী, নিৰাপদ হ’ব গুৱাহাটীবাসী।

You might also like
Leave A Reply

Your email address will not be published.