টি-২০ ক্ৰিকেট বিশ্বকাপত কোনে কৰিব কিপিং

বিৰাট কোহলি থাকিবনে ‘প্লেয়িং ১১’ত

টি-২০ ক্ৰিকেট বিশ্বকাপত কোনে কৰিব কিপিং?
বিৰাট কোহলি থাকিবনে ‘প্লেয়িং ১১’ত?

দেশ বৰ্তমান IPL জ্বৰত আক্ৰান্ত। ভাৰতৰ সৰ্ববৃহৎ টি-২০ ক্ৰিকেট লীগ IPLত নিতৌ দেখিবলৈ পোৱা গৈছে দেশী-বিদেশী ক্ৰিকেট তাৰকাৰ প্ৰশংসনীয় প্ৰদৰ্শন। মে’ মাহৰ মাজভাগত শেষ হ’ব IPL। খিতাপ জয়ৰ দৌৰত থকা শীৰ্ষ ৪টা দল হ’ল ৰাজস্থান ৰয়েল’ছ, কলকাতা নাইট ৰাইডাৰ্ছ, চান ৰাইজাৰ্চ হায়দৰাবাদ আৰু চেন্নাই চুপাৰ কিংগছ।
IPLৰ সামৰণিৰ পিছতে আৰম্ভ হ’ব টি-২০ ক্ৰিকেটৰ বিশ্ব যুদ্ধ। পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত আয়োজন কৰা হৈছে টি-২০ ক্ৰিকেট বিশ্বকাপ। ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ ক্ৰিকেট বিশ্বকাপ ২০২৪। ৫ জুনত অনুষ্ঠিত হ’বলগীয়া ১১তম মেচখনত ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে যুজিব শৃংখলাটোৰ প্ৰথমখন যুঁজ।
IPLত দেখুওৱা প্ৰদৰ্শনৰ পৰাই ভাৰতীয় ক্ৰিকেট দলৰ বাবে নিৰ্বাচন কৰা হ’ব খেলুৱৈ। অধিনায়ক ৰোহিত শৰ্মা আৰু সহ-অধিনায়ক হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বৰে আগবাঢ়িব ভাৰতীয় দলটো। ভাৰতীয় দলৰ উইকেট কিপাৰ হিচাপে ঋষৱ পন্ট, দীনেশ কাৰ্তিক, কে এল ৰাহুল, সঞ্জু চেমচন, ঈশান কিষাণৰ নাম সন্মুখলৈ আহি থকা সময়তে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰৱজন সিঙে টুইটযোগে প্ৰকাশ কৰে যে, যিদৰে সঞ্জু চেমচনে ৰাজস্থান ৰয়েল’ছ দলটোক নেতৃত্ব দি আগুৱাই নিছে আৰু চলিত শৃংখলাটোত তেওঁ বৰ্তমানলৈ যিদৰে কিপিং কৰি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি অনাগত টি-২০ বিশ্বকাপৰ বাবে চেমচন অন্যতম যোগ্য কিপাৰ।
ইয়াৰ উপৰিও প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে এক সাক্ষাৎকাৰত অনাগত টি-২০ ক্ৰিকেট বিশ্বকাপত তাৰকা খেলুৱৈ বিৰাট কোহলিৰ পোষকতা কৰি কয় যে, খেলত বসয়ৰ কোনো কথা নাথাকে। মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ গ্ৰহণ কৰা প্ৰায় এটা দশকৰ পিছতো এতিয়াও ৬ কোবোৱাৰ ক্ষমতা ৰাখিছে। বিৰাট কোহলি এজন এনে বেটাৰ যাৰ ৪০টা বলত শতক অৰ্জনৰ ক্ষমতা আছে। গতিকে সৌৰভ গাংগুলীৰ মতে কোহলিয়ে টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিব লাগে।

You might also like
Leave A Reply

Your email address will not be published.