আজি কিতাপৰ দিন…

জানো আহঁক কিয় উদযাপন কৰা হয় বিশ্ব গ্ৰন্থ দিৱস

জি কিতাপৰ দিন। প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে বিশ্ব গ্ৰন্থ দিৱস বা বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস পালন কৰা হয়। কোৱা হয় যে, এখন ভাল গ্ৰন্থ হৈছে ১০০ জন বন্ধুৰ সমান। গ্ৰন্থ হৈছে জ্ঞান আহৰণৰ আটাইতকৈ সহজ আৰু উৎকৃষ্ট উৎস। গ্ৰন্থই আমাক দিব পাৰে অবাস্তৱ আৰু অলৌকিক পৃথিৱীৰ সোৱাদ। গ্ৰন্থই বিষয়ৰ বিশালতাই সকলো শ্ৰেণীৰ লোককেই সামৰি লোৱাৰ সামৰ্থ ৰাখে। এন্ধাৰৰ মাজতো গ্ৰন্থই দেখুৱাব পাৰে পোহৰৰ বাট। নিৰাশাৰ অন্ধকাৰত কিতাপ এখনেই হ’ব পাৰে সঁহাৰিৰ হাত।
ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে গ্ৰন্থ অধ্যয়ন, প্ৰকাশৰ আৰু কপিৰাইটৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱস উদযাপনৰ আৰম্ভণি কৰিছিল। ১৯৯৫ চনৰ ২৩ এপ্ৰিল তাৰিখে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱস উদযাপন হৈছিল। এই দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে গ্ৰন্থ আৰু ইয়াৰ আনুষংগিক বিষয় সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যপন্থা হাতত লোৱা হয়।
UNESCOয়ে ২৩ এপ্ৰিলত মৃত্যুবৰণ কৰা উইলিয়াম শ্বেইকছপীয়েৰ, মিগুৱেল চাৰ্ভাণ্টেছ আৰু ইনকা গাৰ্চিলাচো দে লা ভেগাকে ধৰি মহান সাহিত্যিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজিৰ দিনটো বিশ্ব গ্ৰন্থ দিৱস হিচাপে নিৰ্বাচিত কৰে। ১৯৯৫ চনত বিশ্বজুৰি লেখক আৰু গ্ৰন্থসমূহক স্মৰণ আৰু সন্মান জনোৱাৰ বাবে পেয়াৰ্ছত অনুষ্ঠিত UNESCOৰ সাধাৰণ সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ।
অধ্যয়নৰ প্ৰচাৰ আৰু গ্ৰন্থৰ গুৰুত্বৰ বিষয়ে মানুহক অধিক সজাগ কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱসৰ জৰিয়তে মহান লেখক আৰু প্ৰকাশকসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
আজিৰ বিশ্বায়নৰ যুগত প্ৰযুক্তি বিদ্যাৰ উত্থানে গ্ৰন্থৰ প্ৰতি থকা মানুহৰ মোহ আগতকৈ কমাইছে যদিও গ্ৰন্থৰ মৰ্যাদা আজিও একেই আছে। বগা কাগজত ক’লা আখৰেৰে এখন নিজস্ব দুনিয়াৰ সৃষ্টি কৰা এখন কিতাপে যি সুকীয়া অনুভৱ দিয়ে ৭ ইঞ্চিৰ স্ক্ৰীণ এখনৰ ৰঙীন আখৰত সেই মাদকতা নাই।
আজি গ্ৰন্থ দিৱসৰ দিনা আপুনিও আকৌ এবাৰ হাতত তুলি লওঁক আপোনাৰ প্ৰিয় গ্ৰন্থখন, পৃষ্ঠাবোৰৰ মাজত আকৌ এবাৰ বিচাৰক নিজক, কিছুসময়ৰ বাবে হ’লেও নিজক উভতাই নিয়ক কিতাপখনে দিয়া আপোনাৰ প্ৰিয় সেই ৰঙীন পৃথিৱীখনলৈ।

You might also like
Leave A Reply

Your email address will not be published.