ইণ্টাৰনেচনেল ডেস্ক:
ভয়ংকৰ ভূমিস্খলনৰ কবলত নেপাল। ভূমিস্খলনটো সংঘটিত হৈছে সুদূৰ পশ্চিম নেপালৰ আছাম জিলাত। শনিবাৰে হোৱা এই ভূমিস্খলনৰ ফলত নিহত কমেও ১৩ জন লোক। আনহাতে জিলাখনৰ বিভিন্ন প্ৰান্তত সন্ধানহীন হৈ আছে প্ৰায় ১০ জন লোক। এই তথ্য সদৰি কৰিছে উপ-মুখ্য জিলা বিষয়া দীপেশ ৰিজালে। এই পৰ্যন্ত ১০ জন লোকক উদ্ধাৰ কৰা হৈছে। দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত দেশখনৰ গৃহমন্ত্ৰীয়ে তাৎক্ষণিক অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ মোতায়েন কৰিবলৈ নিৰ্দেশ দিছে।।