নেচনেল ডেস্ক :
পঞ্জাবৰ বাঠিণ্ডাস্থিত মিলিটেৰী ষ্টেচনত ভয়ংকৰ গুলীচালনাৰ ঘটনা । বুধবাৰে পুৱা প্ৰায় ৪.৩৫ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা।
গুলীচালনাৰ পিছতে চাৰিওফালৰ অঞ্চল সমূহত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।বৰ্তমান সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।
সেনাৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে সেনাবাহিনীৰ ইউনিফৰ্ম পিন্ধা চাৰিজন অসামৰিক লোকে এটা ইউনিটৰ পৰা অস্ত্ৰ চুৰি কৰাৰ উদ্দেশ্যেৰে কেণ্টত প্ৰৱেশ কৰিছিল।
সেনাৰ দক্ষিণ পশ্চিম কমাণ্ডে এক বিবৃতি জাৰি কৰি কয় যে বাঠিণ্ডা মিলিটেৰী ষ্টেচনৰ ভিতৰত হোৱা গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত সক্ৰিয় হৈ পৰিছে কুইক ৰেছপ’ণ্ডছ টীম (QRT)।
সূত্ৰ অনুসৰি, বৰ্তমান মিলিটেৰী ষ্টেচনৰ ভিতৰত আৰক্ষীকো যোৱাৰ অনুমতি প্ৰদান কৰা নাই। সেনা বিষয়াই ছাউনীৰ ভিতৰৰ ঘৰবোৰত বসবাস কৰা লোকসকলক ঘৰৰ পৰা ওলাই নাহিবলৈ পৰামৰ্শ দিছে।
বাঠিণ্ডাৰ এএছপিয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে। আৰক্ষীয়ে এয়া পৰস্পৰৰ মাজত সংঘটিত সংঘৰ্ষ বুলি মন্তব্য কৰিছে।