পশ্চিম বংগৰ জলপাইগুৰি জিলাত উদ্ধাৰ এটা বৃহৎ হাতীদাঁত!

জলপাইগুৰিৰ বেলাকোবা বনাঞ্চলত হাতীদাঁতটোৰ সৈতে গ্ৰেপ্তাৰ এটা চোৰাং ব্যৱসায়ীক।

নেচনেল ডেস্ক:

শ্চিম বংগৰ জলপাইগুৰি জিলাত উদ্ধাৰ এটা বৃহৎ হাতীদাঁত। জলপাইগুৰিৰ বেলাকোবা বনাঞ্চলত হাতীদাঁতটোৰ সৈতে গ্ৰেপ্তাৰ এটা চোৰাং ব্যৱসায়ীক। ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় দুটা চোৰাং ব্যৱসায়ী। জানিব পৰা মতে চোৰাং ব্যৱসায়ীৰ দলটোৱে এটা বেগত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয় হাতীদাঁতটো। উদ্ধাৰ হোৱা হাতীদাঁতটোৰ ওজন প্ৰায় ৩ কিলোগ্ৰাম আৰু ইয়াৰ দৈৰ্ঘ্য ২.৯ ফুট। বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি জলপাইগুৰি জিলা আদালতত হাজিৰ কৰোৱা হ’ব ধৃত চোৰাং ব্যৱসায়ীটোক।।

You might also like
Leave A Reply

Your email address will not be published.