ওড়িশাৰ জাজপুৰ জিলাত নৃশংস হত্যাকাণ্ড!

এজন ৪০ বছৰীয়া ব্যক্তিয়ে বিবাহত পলম হোৱাৰ বাবেই হতাশাত ভূগি নিজ মাতৃ প্ৰেমলতাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে!

নেচনেল ডেস্ক:

ড়িশাৰ জাজপুৰ জিলাত নৃশংস হত্যাকাণ্ড। এজন ৪০ বছৰীয়া ব্যক্তিয়ে বিবাহত পলম হোৱাৰ বাবেই হতাশাত ভূগি নিজ মাতৃ প্ৰেমলতাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তৰ নাম গোপাল ওজা। ঘটনাটো সংঘটিত হৈছে জাজপুৰৰ বিঞ্জাৰপুৰৰ বিন্ধানী চাহীত । জানিবপৰা মতে গোপাল নামৰ অবিবাহিত ব্যক্তিজনে তেওঁক বিয়া পাতি দিবলৈ চেষ্টা নকৰাৰ বাবেই পিতৃ-মাতৃৰ সৈতে সঘনাই লিপ্ত হৈছিল কাজিয়াত। শনিবাৰে নিশাও মাতৃ প্ৰেমলতাৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল গোপাল।পাছত খঙত অগ্নিশৰ্মা হৈ গোপালে নিজ মাতৃক চোকা অস্ত্ৰৰে হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ পাছতে বিঞ্জাৰপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰেমলতাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও পলায়ন কৰিবলৈ সক্ষম হৈছিল অভিযুক্ত গোপাল। অৱশেষত দেওবাৰে আৰক্ষীয়ে চুবুৰীয়া বিদাপাড়া গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত গোপালক।।

You might also like
Leave A Reply

Your email address will not be published.