বাংলাদেশৰ ৰোহিংগীয়া শিৱিৰত বিধ্বংসী অগ্নিকাণ্ড!

নেচনেল ডেস্ক

বাংলাদেশৰ কক্সবজাৰৰ উখিয়া বালুখালিৰ ৰোহিংগীয়া শিবিৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। দেওবাৰে বিয়লি প্ৰায় ৩:০০ বজাত ৰোহিংগীয়াৰ ১১ নং শিবিৰৰ বি আৰু ই ব্লকত জুইৰ সূত্ৰপাত হোৱাৰ পিছতে ১০ আৰু ৯ নং ৰোহিংগীয়া শিবিৰলৈ বিয়পি পৰে দাবানল। অগ্নিকাণ্ডত প্ৰায় ২,০০০ ঘৰ ভস্মীভূত হোৱাৰ লগতে ১২,০০০ ৰোহিংগীয়া ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ।

অগ্নিকাণ্ডত ভস্মীভূত হয় ৩৫ টা মছজিদ আৰু মোক্তাব, দুটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এটা সহায় কক্ষ, এটা যুৱ কেন্দ্ৰ, মহিলা-অনুকূল কেন্দ্ৰ, এটা শিক্ষা কেন্দ্ৰ, এটা শিশু-অনুকূল কেন্দ্ৰ আৰু এটা মানসিক পৰিচৰ্যা কেন্দ্ৰ । বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। উল্লেখ্য যে ২০২১ চনৰ ২২ মাৰ্চত একেটা শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৫ শতাধিক লোক আহত হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.