পানী সেৱন কৰিলেও য’ত বিহা হয় দণ্ড!

ইন্টাৰনেচনেল ডেস্ক-

পানীয়েই প্ৰাণীৰ প্ৰাণ৷ কিন্তু পৃথীৱিত এনে এখন দেশ আছে য’ত পানীৰ অবিহনে জীৱন যাপন কৰি আছে সেই দেশৰ বাসিন্দা সকলে৷
বৰ্তমান পানীৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে এই দেশখনত৷ দেশখনত পানীৰ ব্যৱহাৰৰ বাবে কোটা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন। টিউনিচিয়া হৈছে পৃথিৱীৰ এনে এখন দেশ, য’ত খোৱা পানীৰ বাবে এক কোটা প্ৰণালী৷ ৰেচনৰ দৰেই প্ৰবৰ্তন কৰা হৈছে। এই দেশখনত, খোৱাৰ বাবে পানীও জোখা হয়। প্ৰতি ৬ মাহৰ বাবে, ইয়াত খোৱা পানীৰ ধায্য কৰা হয়। কেৱল ইমানে নহয়, শুণিলে আচৰিত হ’ব, ইয়াত কৃষিৰ বাবে পানীৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

 

আপুনি অত্যাধিক পানী সেৱন কৰাৰ বাবেও এই দেশত শাস্তিৰ সম্মুখীন হ’ব পাৰে৷
যিসকল লোকে এই দেশৰ পানীৰ ব্যৱহাৰৰ সম্পৰ্কে বান্ধি দিয়া নিয়ম উলংঘা কৰে, তেওঁলোকৰ জৰিমনাৰ লগতে কাৰাদণ্ড পৰ্যন্ত শাস্তি হয়৷
দেশখনৰ স্হানীয় জল পানী আইনৰ অধীনত, নিয়ম ভংগ কৰা সকল ৬ দিনৰ পৰা ৬ মাহ পৰ্যন্ত কাৰাগাৰৰ আলহি হ’ব পাৰে৷

এই দেশত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৬ মাহৰ বাবে পানীৰ ৰেচন প্ৰণালী ধাৰ্য্য কৰা হয়। গাড়ী ধোৱা আৰু গছ-গছনিত পানী দিয়াটোও এই দেশত নিষিদ্ধ। ৰাজহুৱা স্থান পৰিষ্কাৰ আদিৰ ক্ষেত্ৰতো দেশখনত পানীৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

টিউনিছিয়াৰ কৃষি মন্ত্ৰালয়ৰ মতে, দেশখনে কেইবামাহধৰি এক ভয়ংকৰ খৰাঙৰ সৈতেও যুঁজি আহিছে

You might also like
Leave A Reply

Your email address will not be published.