দিল্লীত ২৪ ঘন্টাত ৭গৰাকী লোকৰ ক’ভিডত মৃত্যু!

 

নেচনেল ডেস্ক:

শেহতীয়াকৈ দেশৰ ভিন্ন প্ৰান্তত ক’ভিডৰ পুনৰুত্থান। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা। ৰাজধানী দিল্লীত ক’ভিড পৰিস্থিতি অতি উদ্বেগজনক হৈ পৰিছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দিল্লীত ৭ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু ঘটাৰ লগতে ১,০৪০ গৰাকী লোকৰ দেহত সংক্ৰমণ ধৰা পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৯,৩৫৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। দেশত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ২৬ গৰাকীকৈ লোক।

You might also like
Leave A Reply

Your email address will not be published.