গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ ফেৰী সেৱা বন্ধ!

গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধিৰ বাবে সাময়িকভাৱে স্থগিত ফেৰী সেৱা

নিউজ ডেস্ক:

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ ফেৰী সেৱা বন্ধ । বৃহস্পতি বাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধিৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে ফেৰী সেৱা। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ ( আই ডব্লিউ টি) বিভাগে ফেৰী সেৱা স্থগিত ৰখাৰ নিৰ্দেশ দিছে। জলপৃষ্ঠ বৃদ্ধিৰ ফলত কেইবাটাও ফেৰী ঘাট ডুব যোৱা বাবে এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণৰ।।

You might also like
Leave A Reply

Your email address will not be published.