আজি ২৮ এপ্ৰিল

▶️আজি আফগানিস্তানৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৬৮৬ চনৰ আজিৰ দিনটোতেই ছাৰ আইজাক নিউটনৰ প্ৰসিদ্ধ গ্ৰন্থ ‘প্ৰিন্সিপিয়া’ৰ প্ৰথম খণ্ড প্ৰকাশ।
▶️১৭৭০ ইংৰাজ নাবিক তথা অভিযাত্ৰী জেমছ কুকৰ প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াত পদাৰ্পণ।
▶️১৮৬৮ চনৰ আজিৰ দিনটোতেই ফৰাচী সাহিত্যিক, চিত্ৰকৰ এমিলি বাৰ্নাৰ্ডৰ জন্ম হৈছিল।
▶️১৯২৪ চনৰ আজিৰ দিনটোতেই জাম্বিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি কেনেথ ডেভিদ কাউণ্ডাৰ জন্ম হৈছিল।
▶️১৯৩৭ চনৰ এই দিনটোতেই টাইগ্ৰীছ নদীৰ উপকূলৱৰ্তী চহৰ টিক্ৰিটৰ ওচৰৰ এখন গাঁৱত ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ জন্ম হৈছিল।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ক্ৰিকেট খেলুৱৈ মাইক ব্ৰেইলীৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই ইটালীয় পাৰ্টিজান নামৰ এক সংগঠনৰ সদস্যৰ গুলীত ইটালীৰ ফেচিবাদী একনায়ক বেনিটো মুছোলিনি আৰু তেওঁৰ পত্নীৰ মৃত্যু ঘটিছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই পাঁচজন সহযাত্ৰীক লৈ দক্ষিণ আমেৰিকাৰ পেৰুৰ পৰা প্ৰশান্ত মহাসাগৰত নৰৱেৰ অভিযাত্ৰী থৰ হেয়াৰডেলৰ প্ৰসিদ্ধ কনটিকি অভিযান আৰম্ভ হৈছিল। এশ এদিনৰ যাত্ৰাৰ অন্তত ৭ আগষ্টৰ দিনা হেয়াৰডেলৰ দল দক্ষিণ প্ৰশান্ত মহাসাগৰৰ টুৱামোটু দ্বীপত উপস্থিত হয়।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই জিম্বাবৱেৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ এণ্ডি ফ্লাৱাৰৰ জন্ম হৈছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই হায়দৰাবাদত এছিয়াৰ অন্যতম বৃহৎ তথ্য-প্ৰযুক্তি উদ্যান হায়দৰাবাদ ইনফৰমেচন টেকনোলজী, ইঞ্জিনিয়াৰিং কনছালটেন্সী চিটি বা হাইটেক চিটি প্ৰতিষ্ঠা।।

You might also like
Leave A Reply

Your email address will not be published.