ইণ্ডোনেছিয়াত ভয়ংকৰ নাও দুৰ্ঘটনা!

নাও ডুব যোৱাৰ ফলত কমেও ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নিৰুদ্দেশ হয় আন ৯ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

ইণ্ডোনেছিয়াত ভয়ংকৰ নাও দুৰ্ঘটনা। এখন যাত্ৰীবাহী নাও ডুব যোৱাৰ ফলত কমেও ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নিৰুদ্দেশ হয় আন ৯ গৰাকী লোক। ঘটনাটো সংঘটিত হৈছে ইণ্ডোনেছিয়াৰ পশ্চিম প্ৰদেশ ৰিয়াউত। অতিমাত্ৰা যাত্ৰী কঢ়িওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

জানিব পৰা মতে, প্ৰদেশখনৰ ইন্দ্ৰাগিৰি হিলিৰ জিলাৰ পুলাউ বুৰুঙৰ ওচৰৰ পানীত ডুব যায় এছ বি ইভেলিন কেলিস্কা ০১ নামৰ স্পীড ব’টখন। নাওখন ৰিয়াউ দ্বীপপুঞ্জ প্ৰদেশৰ ৰাজধানী টাঞ্জুং পিনাঙৰ এটা সাগৰীয় বন্দৰলৈ গৈ আছিল। যাত্ৰা কৰাৰ প্ৰায় ৩০ মিনিটৰ পিছতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।নিৰুদ্দিষ্ট যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে। এই পৰ্যন্ত উদ্ধাৰকাৰী দলে ৫৮ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.