পেলেষ্টাইনলৈ ভাৰতৰ মানৱীয় সাহায্য

প্ৰায় ৬.৫ টন চিকিৎসা সাহায্য আৰু ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী পেলেষ্টাইনলৈ

নিউজ ডেস্ক:

পেলেষ্টাইনলৈ ভাৰতৰ মানৱীয় সাহায্য। গাজাৰ অল-আহলি চিকিৎসালয় আক্ৰমণত ৫০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছতে পেলেষ্টাইনৰ জনসাধাৰণৰলৈ ভাৰতৰ এই মানৱীয় সাহায্য। দেওবাৰে প্ৰায় ৬.৫ টন চিকিৎসা সাহায্য আৰু ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী কঢ়িয়াই ইজিপ্তৰ এল-আৰিছ বিমানবন্দৰলৈ ৰাওনা হয় IAFC-17 বিমান খন। সামগ্ৰীসমূহৰ ভিতৰত আছে অত্যাৱশ্যকীয় জীৱন ৰক্ষাকাৰী ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী, তম্বু, শোৱা বেগ, টাৰ্পলিন, চেনিটেৰী ইউটিলিটি, পানী বিশুদ্ধকৰণ টেবলেট আদি প্ৰয়োজনীয় সামগ্ৰী।

​ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে কথা পাতি এই নৃশংস ঘটনাক তীব্ৰ নিন্দাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইল-পেলেষ্টাইন বিষয়ত ভাৰতৰ দীৰ্ঘদিনীয়া নীতিগত স্থিতিক সমৰ্থন কৰাৰ লগতে অঞ্চলটোৰ সন্ত্ৰাসবাদ, হিংসা আৰু নিৰাপত্তা পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.