সাহিত্য অকাডেমি বঁটা বিজয়ী, প্ৰগতিশীল লেখিকা তোষপ্ৰভা কলিতাৰ আজি আবেলি প্ৰায় ৫ বজাত গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত বিশিষ্ট লেখিকা গৰাকীৰ বয়স হৈছিল ৮৩ বছৰ। বিশিষ্ট সাহিত্যিক গৰাকীয়ে দুগৰাকী কন্যা, দুজন পুত্ৰ সহ আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। উল্লেখযোগ্য যে প্ৰয়াত তোষপ্ৰভা কলিতাই তেখেতৰ সাহিত্যিক পেঞ্চনৰ সঞ্চিত ধনৰাশিৰ সিংহভাগ (মুঠ ৩ লাখ টকা) ইলোৰা বিজ্ঞান মঞ্চৰ পুঁজিলৈ দান দি যোৱাৰ উপৰি মানৱ কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতাৰ বাবে মৰণোত্তৰ নেত্ৰদান আৰু দেহদানৰ ইচ্ছাপত্ৰতো স্বাক্ষৰ কৰি থৈ গৈছে।
বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিক মহল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like