কাৰ্বি পাহাৰত সেনা-আৰক্ষীৰ বৃহৎ সাফল্য

অসম আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটিয়া অভিযানত বৃহৎ সাফল্য। কাৰ্বি আংলঙৰ ছোতলেংৰী আৰক্ষী চকীৰ অন্তৰ্গত নাহৰজানত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ ৫ জন লোকক আটক। গোপন সূত্ৰৰ জৰিয়তে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ এটা সন্দেহজনক দল নগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰা বুলি পোৱা খবৰৰ ভিত্তিত আজি পুৱাৰে পৰা ডিমাপুৰস্থিত আছাম ৰাইফলছৰ সহযোগত কাৰ্বি আংলং আৰক্ষীয়ে বিভিন্ন স্থানত নাকা চেকিং বহুৱাইছিল। এই অভিযান কালতে এখন নম্বৰ প্লেট বিহীন জীপচি গাড়ীত অহা দলটো জালত পৰে। আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে নামপই ভাছিম,আছাং চিথুং,লানচুংৰেই কামেই, খুইকাছুং থাংকুল আৰু জিংখি য়ুংৰেইংগাম। অভিযানকাৰী দলটোৱে লোককেইজনৰ পৰা ৩ টা AK56, এটা পিষ্টল,মেগজিন,সজীৱ গুলী,বিপুল পৰিমাণৰ বিস্ফোৰকৰ লগতে মোবাইল ফোন আদি জব্দ কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.