ASSAM | incident in Darangipara :দৰঙ্গিপাৰাত চাঞ্চল্যকৰ ঘটনা, একে পৰিয়ালৰ তিনিজন আহত

incident in Darangipara

গুৱাহাটী:  টিহু সমষ্টিৰ দৰঙ্গিপাৰা ৰিজাৰ্ভত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা। অভিযোগ অনুসৰি, নিজ খুড়ায়েকৰ পৰিয়ালৰ তিনিজন লোকক দা আৰু টাঙোনেৰে আক্ৰমণ কৰে দিবজ্যোতি কলিতা নামৰ এজন লোকে।

আক্ৰমণত আহত হয় ৰাজু কলিতা, কল্পনা কলিতা আৰু ৰন্টু কলিতা। আহত ৰাজু কলিতাৰ বয়স ৪৫ বছৰ, কল্পনা কলিতাৰ বয়স ৩৫ বছৰ আৰু ৰন্টু কলিতাৰ বয়স ৪০ বছৰ।

ইফালে, ঘটনাৰ পিছতে তৎপৰ হৈ পৰে বেলশৰ আৰক্ষী। আৰক্ষীয়ে অভিযুক্ত দিবজ্যোতি কলিতাক আটক কৰে।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বেলশৰ আৰক্ষীয়ে।

You might also like
Leave A Reply

Your email address will not be published.