১৯ এপ্ৰিলত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। বুধবাৰে নিৰ্বাচনী আয়োগে জাননী জাৰি কৰাৰ লগে লগে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া দেশৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হয়। ৰাষ্ট্ৰপতিৰ হৈ নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুসৰি, মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ২৭ মাৰ্চ। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব।
অৱশ্যে, বিহাৰৰ এটা বিশেষ উৎসৱৰ বাবে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ লোকসভা আসনসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৮ মাৰ্চলৈ বৰ্ধিত কৰা হৈছে। বিহাৰৰ ৪০ খন আসনৰ ভিতৰত ৪খন আসনত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বাকী ৰাজ্যসমূহৰ মনোনয়ন পত্ৰসমূহ ২৮ মাৰ্চত পৰীক্ষা কৰা হ’ব আৰু বিহাৰৰ মনোনয়ন পত্ৰসমূহ ৩০ মাৰ্চত পৰীক্ষা কৰা হ’ব।
প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১০২ টা সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩০ মাৰ্চ। আনহাতে বিহাৰৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২ এপ্ৰিল।
মুঠ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অষ্টদশ লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আৰু পৰৱৰ্তী পৰ্যায়সমূহত ২৬ এপ্ৰিল, ৭ মে, ১৩ মে, ২০ মে, ২৫ মে আৰু ১ জুনত হ’ব ভোটগ্ৰহণ। ভোটগণনা কৰা হ’ব ৪ জুনত।
প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰী।
ছিকিম, উৰিষ্যা, অৰুণাচল প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশত লোকসভা আৰু বিধানসভাৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like