আজি ২১ মাৰ্চ

➡️আজি দিন ৰাতি সমান দিন।
➡️আজি নামিবিয়াৰ স্বাধীনতা দিৱস।
➡️বিশ্ব বন দিৱস।
➡️বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস।
➡️১৮৩৬ চনত কলকাতাত ভাৰতৰ প্ৰথমটো ৰাজহুৱা পুথিভঁৰাল কলকাতা পাব্লিক লাইব্ৰেৰী মুকলি। ১৯০৩ চনৰ ৩০ জানুৱাৰীত এই পুথিভঁৰালটো ইম্পেৰিয়েল লাইব্ৰেৰীৰ লগত চামিল হয়।
➡️১৯১৬ চনত প্ৰখ্যাত চেহনাই বাদক বিছমিল্লা খানৰ জন্ম।
➡️১৯২১ চনৰ আজিৰ দিনটোতে ভাৰতৰ জাতীয় কংগ্ৰেছৰ পতাকা গৃহীত।
➡️১৯৯০ চনৰ ২১ মাৰ্চত নামিবিয়াৰ স্বাধীনতা লাভ।
➡️১৯৯৮ চনত বিশ্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ (১৭ দিন ২২ ঘন্টা) ট্ৰায়াথলন প্ৰতিযোগিতা অনুষ্ঠিত। এই প্ৰতিযোগিতা ৪ এপ্ৰিললৈকে চলে।
➡️২০০২,২০০৫ চনৰ শ্ৰেষ্ঠ সাংসদৰ বঁটাৰ বাবে প্ৰধান মন্ত্ৰী মনমোহন সিং, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন সিং, বিজেপিৰ সভাপতি লালকৃষ্ণ আদৱানি আৰু ৰাজ্যসভাৰ বিৰোধী দলপতি যশোৱন্ত সিঙৰ নাম ঘোষণা।
➡️ৰাজস্থানৰ এখন গাঁৱৰ সতী মন্দিৰৰ শতবাৰ্ষিকীত সতী হ’বলৈ যোৱা এগৰাকী মহিলাকে ধৰি দহজনক গ্ৰেপ্তাৰ।
➡️২০০৬ চনত বিশিষ্ট শিশু সাহিত্যিক (এণ্ডি খুৰা নামেৰে জনপ্ৰিয়) ডাঃ নগেন দত্তৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.