স্থগিতাদেশৰ আহ্বান নসাৎ সৰ্বোচ্চ ন্যায়ালয়ৰ

কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিব লাগিব শপতনামা

নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে বিভিন্ন দল সংগঠনে উচ্চতম ন্যায়ালয়ত জনোৱা ২৩৭খন আৱেদনৰ মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৩ জনীয়া বিচাৰপীঠে আজি শুনানি গ্ৰহণ কৰি ৮ এপ্ৰিলৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক ২৩৭খন আৱেদনৰ বাবে শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত বিভিন্ন দল-সংগঠনে কৰা আৱেদনৰ প্ৰতি সহাঁৰি নজনালে উচ্চতম ন্যায়ালয়ে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৯ এপ্ৰিলত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।
আবেদনকাৰীসকলৰ ভিতৰত আছে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল) আৰু ভাৰতীয় ডেম’ক্ৰেটিক ইউথ ফেডাৰেচন (ডি ৱাই এফ আই)। ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছ’, আছু, এ জে ৱাই চি পি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, তৃণমূল নেতা মহুৱা মইত্ৰ আৰু এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছীৰ লগতে অসম তথা উত্তৰ-পূৱৰ কেইবাটাও দল-সংগঠনে।

You might also like
Leave A Reply

Your email address will not be published.