তীব্ৰ ক্ষোভত প্ৰাক্তন কংগ্ৰেছ নেতৃত্ব!

কংগ্ৰেছ ত্যাগ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ

তীব্ৰ ক্ষোভত প্ৰাক্তন কংগ্ৰেছ নেতৃত্ব। কিন্তু কিয়? লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচন নিচেই কাষত থকা সময়ত মূল বিৰোধী দল তথা কংগ্ৰেছত অব্যাহত আছে খহনীয়া। হোৰাহোৰে খহিছে কংগ্ৰেছৰ ভেটি। ইজনৰ পিছত সিজন কংগ্ৰেছ নেতৃ্ত্বই কংগ্ৰেছ এৰি গমন কৰিছে বিজেপিলৈ। সুৰেশ বৰা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, বিস্মিতা গগৈ, শংকৰ প্ৰসাদ ৰায়, ৰাণা গোস্বামী, বৰপেটা সাংসদ আব্দুল খালেক ইত্যাদিৰ পিচত মঙলবাৰে কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰে প্ৰাক্তন কংগ্ৰেছ সাংসদ দ্বিজেন শৰ্মাই। প্ৰচণ্ড ক্ষোভ উজাৰি দল ত্যাগ প্ৰাক্তন কংগ্ৰেছ সাংসদ দ্বিজেন শৰ্মাৰ। কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি দল ত্যাগ প্ৰাক্তন সাংসদ গৰাকীৰ। খবৰ অনুসৰি শীঘ্ৰেই বিজেপিত যোগদান কৰিব প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই।
উল্লেখ্য, গুৱাহাটীত কংগ্ৰেছ টিকটৰ দাবীদাৰ আছিল দ্বিজেন শৰ্মা। ১৯ মাৰ্চ তাৰিখে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ লগতে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰে দ্বিজেন শৰ্মাই।
সংবাদমেল যোগে তীব্ৰ বিস্ফোৰণ দ্বীজেন শৰ্মাৰ। শৰ্মাৰ মন্তব্য কংগ্ৰেছ নেতৃত্বৰ নীতিৰ পতন ঘটিছে। অসমত এতিয়া কংগ্ৰেছ দলত বাহিৰা মানুহৰ মতামতে অধিক প্ৰাধান্য পোৱা হৈছে। শৰ্মাই পোনপটীয়াকৈ সাংসদ অজিত কুমাৰ ভুঁঞা আৰু বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোঁহায়ে কংগ্ৰেছৰ আভ্যন্তৰীণ কাম-কাজত দখল দিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ উত্থাপন কৰি কয়, এইসকল লোকে বুদ্ধিজীৱীৰ নামত ৬০/৭০ লোকৰ পৰা চহী লৈ কংগ্ৰছ শীৰ্ষ নেতৃত্বক মীৰা বৰঠাকুৰক টিকট প্ৰদান কৰিবলৈ দাবী জনাইছে। এই সন্দৰ্ভত শৰ্মাই প্ৰশ্ন উত্থাপন কৰে বুদ্ধিজীৱীয়ে চহী দিলেই যদি নিৰ্বাচনৰ টিকট লাভ কৰা যায়, তেন্তে ৰাজনৈতিক দলৰ সদস্য হোৱাৰ কি দৰকাৰ? ৰাজনৈতিক দলৰ কোন সদস্যই টিকট লাভ কৰিব তাৰ পৰামৰ্শ দিয়া বুদ্ধিজীৱীৰ কাম নেকি? হীৰেন গোহাঁইক তীব্ৰ কটাক্ষ কৰি সদ্য পদত্যাগী দ্বীজেন শৰ্মাই কয় হেমেন দাসে হীৰেন গোঁহাইতকৈ বেছি ত্যাগ কৰিছে। তেওঁ গাঁৱে-গাঁৱে ঘূৰি কমিউনিষ্ট পাৰ্টী গঠন কৰিছিল। আনহাতে হীৰেন গোঁহায়ে বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ থাকি সমাজ পৰিৱৰ্তন কৰিব বিচাৰিছে। শৰ্মাই কয়, “মই ১৯৮৫ চনতে চাকৰিৰ পৰা পদত্যাগ কৰি আহি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিলো। হীৰেন গোঁহায়ে অৱসৰ লৈ আহি যদি কংগ্ৰেছত দখল দিব বিছাৰে তেনে কথা মই মানি ল’ব নোৱাৰো”।

সংবাদমেলত শৰ্মাই কয়, যদিহে টিকট লাভ নকৰে তেন্তে দলৰ লগতে ৰাজনীতি ত্যাগ কৰিব বুলি তেওঁ আগতীয়াকৈ General secretary in charge of Assam জীতেন্দ্ৰ সিং আৰু APCCৰ সভাপতি ভূপেন বৰাক জনাই থৈছিল। বৰ্তমান ভূপেন বৰাই ‘discipline’ ৰ ভয় দেখুৱাই দ্বীজেন শৰ্মাক ধমকি দিছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় ভূপেন বৰাই দিল্লী আৰু গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত দ্বীজেন শৰ্মাৰ কথা উল্লেখ কৰি নিজেহে ‘discipline’ ভংগ কৰিছে।
তাৰোপৰি এই সকলো ষড়যন্ত্ৰৰ মূল নায়ক জীতেন্দ্ৰ সিং বুলি বিস্ফোৰক মন্তব্য কৰে শৰ্মাই। তেওঁ কয় , জীতেন্দ্ৰ সিঙে অসমত বেপাৰ কৰি আছে। বিগত বিধানসভা নিৰ্বাচনত জীতেন্দ্ৰ সিঙে বহুতো দুৰ্নীতি কৰি থৈছে। গহপুৰলৈ গৈ দ্বীজেন শৰ্মাই ৰাহুল গান্ধীক সেইসমূহ অৱগত কৰোৱাৰ বাবেই বৰ্তমান জীতেন্দ্ৰ সিঙে তেওঁৰ ওপৰত এইদৰে প্ৰতিশোধ ল’লে।

You might also like
Leave A Reply

Your email address will not be published.