প্ৰৱঞ্চকৰ কবলত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলী

KYC চাইবাৰ জালিয়াতি চক্ৰৰ কৱলত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলী। জানিব পৰা মতে, বেংকৰ বিষয়া বুলি পৰিচয় দি প্ৰৱঞ্চকে খেলুৱৈ গৰাকীৰ পৰা ৰিম’ট এক্সেছ আৱেদনৰ জৰিয়তে লুটি নিলে নগদ ১.১৪ লাখ টকা। বেংকত KYC নথিপত্ৰ আপডেট কৰাৰ অজুহাতত গুগল প্লে’ ষ্টোৰৰ পৰা এনিডেক্স এপ্লিকেচন ইনষ্টল কৰিবলৈ প্ৰৱঞ্চকটোৱে কাম্বলীক বাধ্য কৰিছিল, য’ত খেলুৱৈ গৰাকীয়ে প্ৰৱঞ্চকৰ সৈতে নিজৰ এক্সেছ ক’ড ভাগ বতৰা কৰিব লগা হৈছিল।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ক্ৰিকেটাৰ গৰাকীয়ে বান্দ্ৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে আৰক্ষীক জনোৱা মতে প্ৰৱঞ্চকটোৱে নিজকে কাম্বলীৰ একাউণ্ট থকা এটা ব্যক্তিগত বেংকৰ বিষয়া বুলি পৰিচয় দিছিল।।

You might also like
Leave A Reply

Your email address will not be published.