দিল্লীত হত্যা অসমৰ যুৱতীক!

২৩ নং দ্বাৰকা ছেক্টৰৰ পোচনপুৰ কলনীস্থিত ফ্লেটত উদ্ধাৰ মৃতদেহটো

Barricade tape in close up on a blurred background

দিল্লীত হত্যা অসমৰ যুৱতীক।দক্ষিণ পশ্চিম দিল্লীৰ ২৩ নং দ্বাৰকা ছেক্টৰৰ পোচনপুৰ কলনীস্থিত ফ্লেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। পেছাত জিম প্ৰশিক্ষক মৃত স্নেহা নাথ চৌধুৰীৰ ঘৰ শিলচৰত বুলি জানিব পৰা গৈছে। যোৱা ২৭ জুলাইৰ সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি, ফ্লেটৰ পৰাই অভিযুক্ত ২৪ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত কাছাৰ জিলাৰ উদাৰবন্দৰ চন্নিঘাটৰ ৰাজ কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। দিল্লী আৰক্ষীয়ে ৰাজ কৰ্মকাৰক মৃত যুৱতীৰ প্ৰেমিক বুলি সন্দেহ প্ৰকাশ কৰিছে। যুৱতীক ছুৰীৰে আঘাত কৰাৰ পিছত ডিঙি চেপি হত্যা কৰা হৈছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। সূত্ৰ অনুসৰি, স্নেহা নাথ চৌধুৰী দিল্লীলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে শিলচৰৰ এটা জিমত জিম প্ৰশিক্ষক আছিল।

You might also like
Leave A Reply

Your email address will not be published.