ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ভাৰত ভ্ৰমণ

২০২৪ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি মেক্ৰন

নিউজ ডেস্ক:

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ভাৰত ভ্ৰমণ। ২০২৪ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি মেক্ৰন। খবৰটো নিশ্চিত কৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমন্ত্ৰণ কৰিছিল ফৰাচী ৰাষ্ট্ৰপতিগৰাকীক। ৰাষ্ট্ৰপতি মেক্ৰনেও X যোগে নিশ্চিত কৰে খবৰটো। লগতে, আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী মোডীক কৃতজ্ঞতা প্ৰকাশ কৰে ৰাষ্ট্ৰপতি মেক্ৰনে।

ভাৰত আৰু ফ্ৰান্সে আঞ্চলিক আৰু বিশ্বব্যাপী কৌশলগত অংশীদাৰ হিচাপে সম্পূৰ্ণ কৰিলে পঁচিশটা বছৰ। উল্লেখযোগ্য যে, দেশৰ ৰাজধানীত গণৰাজ্য দিৱস উদযাপনত এইবাৰ ষষ্ঠবাৰৰ বাবে কোনো ফৰাচী নেতাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ পূৰ্বে ভাৰতৰ গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী কেইগৰাকী হ’ল জেক চিৰাক, প্ৰাক্তন ৰাষ্ট্ৰপতি ভেলেৰী গিছকাৰ্ড ডি এষ্টেইং, নিকোলাছ ছাৰ্কোজি আৰু ফ্ৰান্সোৱা অ’লাণ্ডে।।

You might also like
Leave A Reply

Your email address will not be published.