জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান!

অভিযানত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয় এটা সন্ত্ৰাসবাদী

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আখনুৰৰ খোৰ ছেক্টৰত সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষী বাহিনীয়ে। অভিযানত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয় এটা সন্ত্ৰাসবাদী। শনিবাৰে পুৱা জম্মুত আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা দি থকা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত চাৰিজনীয়া সন্ত্ৰাসবাদীৰ এটা দলৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিবলৈ কৰা গুলীচালনাত নিহত হয় সন্ত্ৰাসবাদীটো।

উল্লেখ্য যে, শুকুৰবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত ভাৰতীয় সেনাৰ চাৰিজন জোৱান নিহত হোৱাৰ বিপৰীতে আহত হৈছিল আন তিনিজন জোৱান। পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদীক বিচাৰি নিৰাপত্তা বাহিনীয়ে চলাইছিল তীব্ৰ অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.