ভাৰতত ক’ভিডত নতুনকৈ আক্ৰান্ত ১০,১১২ গৰাকী!

নেচনেল ডেস্ক:

দেশত পুনৰ ভয়ংকৰ ৰূপ লৈছে ক’ৰনাই। ভাৰতত ক’ৰনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি, ভাৰতত বিগত ২৪ ঘন্টাত ক’ৰনা ভাইৰাছত নতুনকৈ ১০,১১২ গৰাকী লোক আক্ৰান্ত হৈছে। শনিবাৰে আক্ৰান্তৰ সংখ্যা আছিল ১২,১৯৩ গৰাকী। ইফালে ভাৰতত ক’ৰনাত নতুনকৈ মৃত্যু হোৱা ২৯ গৰাকী লোকৰ ভিতৰত ৭ গৰাকী কেৰালাৰ বুলি জানিব পৰা গৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি আজি পুৱা প্ৰায় ৮ বজা পৰ্যন্ত সমগ্ৰ ভাৰতত ক’ৰনাত আক্ৰান্তৰ সংখ্যা ৪৪৮,৯১,৯৯০ গৰাকী। আনহাতে বৰ্তমানলৈকে সুস্থ হৈ উঠিছে ৪,৪২,৯২,৮৫৪ গৰাকী লোক। বিগত ২৪ ঘন্টাত সুস্থ হৈছে ৯,৮৩৩ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.