মালিত আত্মঘাতী বোমাৰুৰ ভয়ংকৰ আক্ৰমণ!

বিস্ফোৰণৰ ফলত কমেও ৯ গৰাকী লোক নিহত

ইণ্টাৰনেচনেল ডেস্ক:

মালিত আত্মঘাতী বোমাৰুৰ ভয়ংকৰ আক্ৰমণ। শনিবাৰে মালিৰ মধ্য চহৰ চেভাৰেত সংঘটিত হয় এই আত্মঘাতী বোমা আক্ৰমণ । তিনিটাকৈ আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত কমেও ৯ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৬০ গৰাকীতকৈ অধিক লোক । জানিব পৰা মতে, প্ৰায় তিনি ঘণ্টা ধৰি চলিছিল এই আক্ৰমণ । ইতিমধ্যে মালিৰ সেনাই অঞ্চলটো পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিছে।

জানিব পৰা মতে, বিস্ফোৰণত নিহত আৰু আহত হোৱা সকলোৱেই আছিল সাধাৰণ নাগৰিক। এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কোনেও কৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.