পুনেত ভয়াৱহ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত দুগৰাকী মহিলাসহ ৪ গৰাকী লোক নিহত

নেচনেল ডেস্ক:

পুনেত শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছক এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত দুগৰাকী মহিলাসহ ৪ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে ২২ গৰাকীকৈ লোক আহত হৈছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ। পুনে চহৰৰ সমীপৱৰ্তী নাৰহেত পুনে-বেংগালুৰু ঘাইপথত আজি পুৱতি নিশা প্ৰায় ৩ মান বজাত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে, যাত্ৰীবাহী বাছখন কোলহাপুৰৰ পৰা মুম্বাইলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। আহত সকলক নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.