ডিব্ৰুগড় পালেহি দুৰ্ধৰ্ষ খালিস্তানী নেতা অমৃতপাল সিং!

আজি পুৱা পঞ্জাৱ আৰক্ষীয়ে মোগাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অমৃতপাল সিঙক

নেচনেল ডেস্ক:

ৱশেষত জালত পৰা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী,ম’ষ্ট ৱান্টেড খালিস্তানী নেতা অমৃত পাল সিঙক অনা হ’ল ডিব্ৰুগড়লৈ। আজি পুৱা পঞ্জাৱ আৰক্ষীয়ে মোগাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অমৃতপাল সিঙক। ১৮ মাৰ্চৰ পৰা পলাতক অৱস্থাত আছিল বিচ্ছিন্নতাবাদী খালিস্তানী নেতাজন। অৱশেষত ৩৬ দিনৰ পাছত আত্মসমৰ্পণ কৰে খালিস্তানী নেতা অমৃত পাল সিঙে। মোগা জিলাৰ ৰোডে গাঁৱৰ এটা গুৰুদ্বাৰত আত্মসমৰ্পণ কৰাৰ সময়তে আৰক্ষীয়ে বিচ্ছিন্নতাবাদী খালিস্তানী নেতাজনক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।

গ্ৰেপ্তাৰৰ পাছতে বায়ুসেনাৰ এখন বিশেষ বিমানেৰে অসমলৈ অনা হ’ল অমৃতপাল সিঙক। ডিব্ৰুগড় কাৰাগাৰত আান সহযোগী সকলৰ সৈতে ৰখা হ’ব অমৃতপালক। অমৃতপালৰ আগমনৰ বাবেই পুৱাৰে পৰা ডিব্ৰুগড় বিমান বন্দৰ, কেন্দ্ৰীয় কাৰাগাৰৰ চৌদিশে CRPF, কমাণ্ডোৰ অতিৰিক্ত বিহিনী মোতায়েন কৰি গঢ়ি টোলা হয় নিশ্ছিদ্ৰ নিৰাপত্তা বেহু।।

You might also like
Leave A Reply

Your email address will not be published.