বিহাৰত একেদিনাই দুগৰাকীকৈ বিবাহিত মহিলাক হত্যা!

দুটাকৈ পৃথক ঘটনাই জোকাৰি গৈছে বিহাৰৰ পূৰ্ণিয়া জিলাক

নেচনেল ডেস্কঃ

দুটাকৈ পৃথক ঘটনাই জোকাৰি গৈছে বিহাৰৰ পূৰ্ণিয়া জিলাক। চনি দেৱী আৰু জুবি খাতুন নামৰ দুগৰাকী মহিলাৰ হত্যাক কেন্দ্ৰ কৰি বৰ্তমান তৎপৰ হৈ পৰিছে আৰক্ষী, জিলা প্ৰশাসনৰ লগতে স্হানীয় ৰাইজ৷

প্ৰথম ঘটনাটো ভৱানীপুৰ আৰক্ষী থানা অন্তৰ্গত এটা অঞ্চলৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি স্বামী গৃহত হত্যাৰ বলি হয় চনি দেৱী নামৰ মহিলা গৰাকী৷ জানিব পৰা মতে মৃত মহিলা গৰাকী অন্ত:সত্ত্বা আছিল৷

দ্বিতীয় ঘটনাটো সংঘটিত হয় বিহাৰৰ বনমাংখিত ৷ মৃত জুবি খাতুন নামৰ মহিলা গৰাকীৰ ভাতৃ মহম্মদ ৰাইছৰ অভিযোগ অনুসৰি দুবছৰ পূৰ্বে জুবিয়ে জীৱাপুৰৰ মুবাৰকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পাছৰে পৰা যৌতুকৰ দাবী কৰি স্বামী গৃহৰ লোকে নানা অত্যাচাৰ চলাই আহিছিল মৃত মহিলা গৰাকীক৷ অৱশেষত স্বামীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে মহিলাগৰাকীয়ে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সম্প্ৰতি বনমাংখি আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে বুলি জানিব পৰা গৈছে৷।

You might also like
Leave A Reply

Your email address will not be published.