আজি ২৩ এপ্ৰিল

▶️আজি বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱস।
▶️১৫০৪ চনৰ আজিৰ দিনটোতেই দ্বিতীয় শিখগুৰু অংগদৰ জন্ম হৈছিল।
▶️১৬১৬ চনৰ এই দিনটোতেই প্ৰসিদ্ধ ইংৰাজ নাট্যকাৰ আৰু কবি উইলিয়াম ছেইক্সপীয়েৰৰ মৃত্যু হৈছিল।
▶️১৬১৬ চনৰ আজিৰ দিনটোতেই স্পেইনৰ ঔপন্যাসিক ছাভেদ্ৰা মিণ্ডৱেল ডি কাৰ্ভেন্টিজৰ মৃত্যু হৈছিল।
▶️১৯১৬ চনৰ আজিৰ দিনটোতেই বাল গংগাধৰ তিলকৰ উদ্যোগত মহাৰাষ্ট্ৰত ‘হোমৰুল লীগ’ বা ‘স্বৰাজ লীগ’ গঠন হৈছিল।
▶️১৮৫০ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ মৃত্যু হৈছিল।
▶️১৮৫৮ চনৰ আজিৰ দিনটোতেই জাৰ্মান বিজ্ঞানী মেক্স প্লাংকৰ (সম্পূৰ্ণ নাম মেক্স কাৰ্ল আৰ্নেষ্ট লাডৱীগ প্লাংক) জন্ম হৈছিল। কোৱান্টামবাদ প্লাংকৰ উল্লেখযোগ্য অৱদান।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল।১৮৫৭ চনৰ পৰা ১৯৬৪ চনলৈ বিষ্ণুৰাম মেধিয়ে তামিলনাডুৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই এইডছৰ ভাইৰাছ আৱিষ্কাৰ আৰু চিনাক্তকৰণ।
▶️১৯৯২ চনৰ এই দিনটোতেই যশস্বী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ মৃত্যু হৈছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.