৩৬ ঘণ্টাত ৫ হাজাৰ কিলোমিটাৰ ভ্ৰমণৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ!

যাত্ৰাকালত ৮ টাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে

নিউজ ডেস্ক:

৩৬ ঘণ্টাত ৫ হাজাৰ কিলোমিটাৰ ভ্ৰমণৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ!

৩৬ ঘণ্টাত ৫ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে। ২৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিব ৩৬ ঘণ্টীয়া যাত্ৰা। যাত্ৰাকালত ৮ টাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।প্ৰধানমন্ত্ৰীৰ দীঘলীয়া ভ্ৰমণসূচীৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি ২৪ এপ্ৰিলৰ পুৱাৰে পৰা যাত্ৰাৰম্ভৰ কথা চৰকাৰী সূত্ৰইপ্ৰকাশকৰিছে। মোডীয়ে দিল্লীৰ পৰা খাজুৰাহোলৈ প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। খাজুৰাহোৰ পৰা ৰেৱালৈ যাত্ৰাৰ পথত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত তেওঁ খাজুৰাহোলৈ উভতি পুনৰ খাজুৰাহোৰ পৰা যুৱ কনক্লেভত অংশগ্ৰহণ কৰিবলৈ প্ৰায় ১৭০০ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰি কোচিলৈ যাত্ৰা কৰিব।

২৫ এপ্ৰিলৰ পুৱা প্ৰধানমন্ত্ৰীয়ে কোচিৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰি প্ৰায় ১৯০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফৰ লগতে বিভিন্ন প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পাছতে প্ৰায় ১৫৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি চুৰাট হৈ ছিলভাছালৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ছিলভাছাত নামো মেডিকেল কলেজ ভ্ৰমণৰ লগতে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে দেৱকা সাগৰৰ পাৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে দমনলৈ যাত্ৰা কৰি প্ৰায় ১১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ অন্তত চুৰাটৰ পৰা পুনৰ দিল্লীলৈ যাত্ৰা কৰিব। যাৰ ফলত তেওঁৰ যাত্ৰাসূচীত ৯৪০ কিলোমিটাৰ যোগ হ’ব।

এই ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫৩০০ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.