চৈতেলি গোৱা প্ৰথাৰ বিষয়ে জানো আহক….

নিউজ ডেস্ক:

চৈতেলি গোৱা প্ৰথাৰ বিষয়ে জানো আহক….

অতিততে শিষ্যই গুৰু গৃহত থাকি জ্ঞান লৈছিল।এই বিষয়ে মধ্যযুগীয় চৰিত পুথিসমূহত উল্লেখ আছে ৷ শিষ্য সকলে গুৰু গৃহত থাকি গুৰুৰ সকলো কামকাজ কৰি দিয়া নিয়ম আছিল ৷ গুৰু আশ্ৰমতে সংসাৰৰ লাগতিয়াল সকলোবোৰ অভিজ্ঞতা আহৰণ কৰিছিল শিষ্য সকলে ৷ গুৰুমুখি শিক্ষাত গুৰু দক্ষিণা দিয়াতো প্ৰথা আছিল ৷ শিষ্যসকলে গুৰুক বছৰেকত ব’হাগ মাহত এবাৰ দক্ষিণা আগবঢ়াইছিল ৷ গুৰু দক্ষিণাৰ বাবে শিষ্য সকলে গুৰুৰ আদেশ লৈ গোটেই চ’ত মাহটো মানুহৰ ঘৰে ঘৰে গৈ দক্ষিণা বিচাৰিছিল,যাক কোৱা হয় চৈত্ৰফুৰি৷ তেওঁলোকে গোৱা লক্ষ্মী,সৰস্বতী বা কৃষ্ণৰ স্তুতিগীতকে কোৱা হৈছিল চৈতেলি বুলি ৷ প্ৰায় এমাহ চৈতেলি গাই যি দক্ষিণা পাইছিল তাকে সংক্ৰান্তিৰ দিনা গুৰুক ভক্তি সহকাৰে দক্ষিণা হিচাপে আগবঢ়াইছিল ৷
গুৰুজনাই শিষ্যসকলক শেষৰ দিনা হিয়া উজাৰি আশীৰ্বাদ দিছিল ৷

বৰ্তমান গুৰুকূলৰ শিক্ষাও নাই চৈতেলি গোৱা প্ৰথাও নাই ।৷

You might also like
Leave A Reply

Your email address will not be published.