সীমা বিবাদ সন্দৰ্ভত ভাৰত-চীনৰ ১৮ সংখ্যক সামৰিক বৈঠক সম্পন্ন

অন্তিমবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত দুয়োপক্ষই সীমান্তৰ বাকী থকা বিষয়সমূহৰ ওপৰত আলোচনা কৰিছিল

নেচনেল ডেস্ক:

সীমা বিবাদ সন্দৰ্ভত ভাৰত-চীনৰ ১৮ সংখ্যক সামৰিক বৈঠক সম্পন্ন। প্ৰায় তিনি বছৰ ধৰি দুই দেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অব্যাহত থকা উত্তেজনা লাঘৱ কৰাৰ বাবে দেওবাৰে ভাৰতীয় সেনা আৰু চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ মাজত অনুষ্ঠিত হয় ১৮ সংখ্যক সামৰিক বৈঠক । অন্তিমবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত দুয়োপক্ষই সীমান্তৰ বাকী থকা বিষয়সমূহৰ ওপৰত আলোচনা কৰিছিল।

ভাৰত-চীন সীমান্তৰ বিবাদে মে’ মাহৰ আৰম্ভণিতে ভৰি দিব চতুৰ্থ বছৰত । গালৱান উপত্যকা, পাংগং ছ’, গোগ্ৰা (পিপি-১৭এ) আৰু হট স্প্ৰিংছ (পিপি-১৫)ৰ পৰা চাৰিটা পৰ্যায়ৰ আলোচনাৰ পিছতো ভাৰত আৰু চীনৰ সেনাবাহিনী এতিয়াও উন্নত অস্ত্ৰ-শস্ত্ৰসহ ৬০ হাজাৰতকৈ অধিক সৈন্য লাডাখত নিয়োজিত হৈ আছে।

ভাৰত আৰু চীনৰ সেনাই এই পৰ্যন্ত ১৮টা পৰ্যায়ত আলোচনাত মিলিত হৈছে যদিও দৌলট বেগ অ’ল্ডি ছেক্টৰৰ ডেপছাং আৰু ডেমচক ছেক্টৰৰ চাৰ্ডিং নুল্লাহ জংচন (চিএনজে)ত সমস্যাৰ বিষয় এতিয়াও আলোচনাৰ মেজতে ওলমি ৰৈছে।।

You might also like
Leave A Reply

Your email address will not be published.