ওপজা দিনত জয়ন্ত হাজৰিকাক স্মৰণ

ৰাণাদাৰ জীৱনৰ প্ৰথমটো বানীবদ্ধ গীতৰ সৃষ্টিকথা!

⏹️শান্তনু বৰগোহাঁইৰ একলম

স্থান, বিয়াঘৰ এখনৰ ৰভাতলী। বিয়াখন আছিল অসমীয়া ছবিৰ এসময়ৰ জনপ্ৰিয় অভিনেতা বিজয় শংকৰৰ ভনীয়েকৰ। ৰভাতলীৰ এমূৰত কথাত ব্যস্ত আছিল কবি হীৰেণ ভট্টাচাৰ্য আৰু জয়ন্ত হাজৰিকা। সেই কথাৰ মাজতে ভাগ ললেহি ডঃ নিৰ্মলপ্ৰভা বৰদলৈয়েও। কেউজনেই সৃষ্টিশীল মনৰ মানুহ। তেনেকৈ কথা পাতি থকাৰ মাজতে তিনিও গৰাকীৰ ভিতৰত এটা সিদ্ধান্ত হ’ল ; সিদ্ধান্তটো আছিল, নিৰ্মলপ্ৰভা বাইদেৱে সেই ঠাইতে এটা নতুন গীত লিখিব আৰু ৰাণাদা অৰ্থাৎ জয়ন্ত হাজৰিকাই তাতেই গীতটোৰ সুৰ কৰিব লাগিব। বিয়াঘৰৰ কথা, সেই মুহূৰ্তত থাওকতে কাগজ পোৱাৰো অসুবিধা, গতিকে কবি হীৰেণ ভট্টাচাৰ্যই তেখেতৰ জেপত থকা চাৰমিনাৰ চিগাৰেটৰ পেকেটটো ফালি সেই কাগজৰ টুকুৰাটোকে আগবঢ়াই দিলে ডঃ নিৰ্মলপ্ৰভা বাইদেউলৈ। গীতৰ কথাংশ সেই টুকুৰাটোতে লিখা হ’ল আৰু ঠাইতে গীতটোৰ সুৰও হৈ উঠিল। এইটোৱে আছিল জয়ন্ত হাজৰিকাৰ জীৱনৰ প্রথমটো বাণীবদ্ধ কৰা গীত আৰু এটা চিৰসেউজ গীত ৰূপে আজিও ই শ্ৰোতাৰ মাজত জনপ্ৰিয়। গীতটো হৈছে,’ আগলি বতাহে কঁপালে কলৰে পাত…’।

‘ বনৰীয়া ফুল ‘ ছবিৰে একক সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকাই চিনেমাৰ সংগীত পৰিচালনাৰ সতে সৰ্বপ্ৰথম জড়িত হয় ‘ মণিৰাম দেৱান ‘ ছবিৰ সহকাৰী সংগীত পৰিচালক হিচাপে। জ্যেষ্ঠ ভ্ৰাতৃ ডঃ ভূপেন হাজৰিকাৰ সহকাৰী ৰূপে কাম কৰা এই ছবিখনত তেখেতে প্ৰখ্যাত গায়ক শ্যামল মিত্ৰৰ সৈতে একেলগে ‘ সোনাৰ বৰণ পাখি ৰে তোৰ….’ গীতটোত কণ্ঠদানো কৰিছিল। চিনেমাৰ লগতে তেখেতে কিছু তথ্যচিত্রৰো আৱহ সংগীত ৰচনা কৰি গৈছে। তাৰে প্ৰথম খনৰ নাম হৈছে ‘ ফ্ল’ৰা এণ্ড ফাওনা ‘। ডঃ ভূপেন হাজৰিকা পৰিচালিত ‘ লটিঘটি ‘ ছবিৰ এটা গীতত জয়ন্ত হাজৰিকাই মনীষা সেনগুপ্তা ( পিছলৈ হাজৰিকা )ৰ সৈতে একেলগে অভিনয় কৰাৰ লগতে ‘ জীৱনটো যদি অভিনয় হয়…’কথাংশৰ গীতটোত কণ্ঠদানো কৰিছিল। সহ শিল্পী আছিল ইলা বসু। আচলতে সুৰ আৰু সংগীতৰ লগত জয়ন্ত হাজৰিকা যেন সদায়ে একাত্ম আছিল। এবাৰ ভ্ৰাম্যমাণ লখিমী থিয়েটাৰৰ পাঁচ খন নাটকৰ বাবে ডঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা সোতৰটা গীতৰ সুৰ আৰু সংগীত সজ্জা মাত্ৰ তিনি দিনত সম্পূৰ্ণ কৰি তেখেতে সকলোকে চমকিত কৰিছিল।

১৯৭২ চনত বাৰ্লিনত অনুষ্ঠিত বিশ্ব ৰাজনৈতিক সংগীত সন্মিলনত জ্যেষ্ঠ ভাতৃ ডঃ ভূপেন হাজৰিকাৰ সৈতে একেলগে অনুষ্ঠান পৰিবেশন কৰি তেখেতে সকলোকে ইমানেই আপ্লুত কৰিছিল যে, ইয়াৰ পিছত কানাডাৰ পেৰি ফেৰ্মিং নামৰ এগৰাকী শিল্পীয়ে জয়ন্ত হাজৰিকাক জাৰ্মান টেলিভিছনে প্ৰস্তুত কৰা এটা বিশেষ সংগীতৰ অনুষ্ঠানত নিজৰ লগত হাৰম’নিয়াম সংগত কৰিবলৈ লৈ গৈছিল। বিশ্ব টেলিভিছন ইতিহাসত এনেদৰে এগৰাকী পশ্চিমীয়া শিল্পীৰ গীতত হাৰম’নিয়াম বজোৱা হয়তো এইটোৱেই প্ৰথম ঘটনা।

এবাৰ গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই তিনিদিনীয়াকৈ ‘ জিন্তি ‘ নামৰ এখন নাটক প্ৰদৰ্শনৰ আয়োজন কৰিছিল। প্ৰথম দুনিশা সুন্দৰকৈ নাট প্ৰদৰ্শন হৈ গ’ল যদিও তৃতীয় দিনা পুৱাই আয়োজক সমিতিত হাহাকাৰ পৰিস্থিতি। আচলতে সেইদিনা পুৱা মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল আৰু দুৰ্ভাগ্যক্ৰমে এই ‘ জিন্তি ‘ নাটকৰ মূল তিনিজন অভিনেতা সেই পৰীক্ষাত উত্তীৰ্ণ নহ’ল। গতিকে নাটকৰ আয়োজক স্বাভাৱিকতে বিমোৰত পৰিল। পিছে সন্ধিয়ালৈ দুই অনুত্তীৰ্ণ ধীৰু ভূঞা আৰু জয়ন্ত হাজৰিকাই খোকোজা নলগাকৈ সুন্দৰ অভিনয় কৰি গ’লহি যদিও তৃতীয় গৰাকী অনুত্তীৰ্ণ সাধন হাজৰিকা নাটক কৰিবলৈ নাহিল। সেইৰাতি তেখেতৰ চৰিত্ৰটোত অভিনয় কৰে ঈশান বৰুৱাই ।

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্ম লাভ কৰা চিৰ যুগমীয়া শিল্পী জয়ন্ত হাজৰিকাই ১৯৭৭ চনৰ ১৫ অক্টোবৰত ‘ নতুন আশা ‘ ছবিৰ সংগীতৰ কাম কৰিবলৈ গৈ কলকাতাত আকস্মিক মৃত্যুক আঁকোৱালি লয়।
আজি তেখেতৰ জন্মদিনত শিল্পী জনাক শ্ৰদ্ধাৰে সুৱঁৰিছোঁ।⏹️

You might also like
Leave A Reply

Your email address will not be published.