সমাগত শাৰদীয় নৱৰাত্ৰী!

১৫ পৰা ২৪ অক্টোবৰলৈ পালন কৰা হ’ব এই বৰ্ষৰ শাৰদীয় নৱৰাত্ৰি

নিউজ ডেক্স:

ৱৰাত্ৰি হিন্দু ধৰ্মৰ এক ডাঙৰ উৎসৱ! প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়। ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

এইবাৰ ১৫ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ উদযাপন কৰা হ’ব শাৰদীয় নৱৰাত্ৰি। প্ৰতিটো দিনতে মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়। দেৱী দুৰ্গাৰ ৯টা অৱতাৰ হৈছে মা শৈলপুত্ৰী, মা ব্ৰহ্মচাৰিণী, মা চন্দ্ৰঘণ্টা, মা কুষ্মাণ্ডা, মা স্কন্দমাতা, মা কাত্যায়ানী, মা কালৰাত্ৰি, মা মহাগৌৰী আৰু মা সিদ্ধিদাত্ৰী। ৯দিনেই মাক বেলেগ বেলেগ ভোগ অৰ্পন কৰা হয়। সাধাৰণতে যি সকলে নৱৰাত্ৰীৰ ব্ৰত পালন কৰিব তেওঁলোকে ১৫ অক্টোবৰৰ পৰাই পূজা আৰম্ভ কৰিব । শাৰদীয় দূৰ্গা পূজা যিহেতু উলহ-মালহেৰে পালন কৰা হয়, সেয়ে এই পূজা মণ্ডপত ৬ষ্ঠীৰ দিনা মা ৰ প্ৰতিমূৰ্তি স্হাপন কৰা হয় আৰু তাৰ পিছৰ পৰাই দূৰ্গা মাক এবাৰ চাবলৈ ভক্তই মণ্ডপ ভিৰ কৰা পৰিলক্ষিত হয়। এই বৰ্ষও শাৰদীয় নৱৰাত্ৰীৰ আয়োজনত সকলো পূজা কমিটি ব্যস্ত থকাৰ লগতে মৃৎ শিল্পী সকলো দূৰ্গা মাৰ মূৰ্তি বনোৱাত পূৰ্ণ ব্যস্ত।

You might also like
Leave A Reply

Your email address will not be published.