আজি ২০ ছেপ্টেম্বৰ

▶️১৮৭৮ চনৰ আজিৰ দিনটোতেই দেশৰ অগ্ৰনী সংবাদপত্ৰ ‘দ্য হিন্দু’ৰ চেন্নাইৰ পৰা প্ৰথম প্ৰকাশ। প্ৰথম সংখ্যাৰ প্ৰচলন আছিল ৮০ কপি।
▶️১৯৩৪ চনৰ এই দিনটোতেই ইটালীৰ মোহময়ী অভিনেত্ৰী ছোফিয়া লৰেনৰ জন্ম হৈছিল।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে যাওঁতে পুলিচৰ গুলীত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যু।
▶️১৯৪২ চনৰ এই দিনটোতেই কন্ঠশিল্পী,সুৰকাৰ জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই পুলিচৰ গুলীত নিহত হৈছিল ‘৪২ৰ আন্দোলনৰ শ্বহীদ ভোগেশ্বৰী ফুকননী।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শিশু সাহিত্যিক শৰৎ চন্দ্ৰ দত্তৰ দেহাৱসান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই আলফা-চৰকাৰৰ মাজত বহুপ্ৰতীক্ষিত আলোচনা প্ৰসংগত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত গুৱাহাটীত দুদিনীয়া জাতীয় অভিবৰ্তন আৰম্ভ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ সমাজ সংস্কাৰক স্বামী অগ্নিবেশ আৰু বিশিষ্ট প্ৰগতিশীল বুদ্ধিজীৱি আছগৰ আলী ইঞ্জিনিয়াৰলৈ ‘ৰাইট লাইভলীহুড’ বঁটা।
▶️২০০৪ চনৰ এই দিনটোতেই সাহিত্যিক নিৰুপমা বৰগোঁহাঞি আৰু সাংবাদিক সতীশ চন্দ্ৰ কাকতিলৈ ২০০৪-০৫ বৰ্ষৰ শ্বহীদ কনকলতা আৰু মুকুন্দ কাকতি বঁটা ঘোষণা।
▶️১৮৫৭ চনৰ এই দিনটোতেই চিপাহী বিদ্ৰোহীসকলৰ হাতৰ পৰা ব্ৰিটিছ সৈন্যৰ দিল্লী পুনৰ দখল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই দিপালী বৰঠাকুৰ আৰু হেম ভৰালীক শ্বহীদ মুকুন্দ কাকতি বঁটা প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.