নেচনেল ডেস্কঃ
মায়ানগৰী মুম্বাইত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা দেহ ব্যৱসায়ৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ বৃহৎ অভিযান। শুকুৰবাৰে আৰক্ষীয়ে এখন বিলাসী হোটেলৰ পৰা দেহ ব্যৱসায়ৰ এক বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, দেহ ব্যৱসায় চলাই থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এগৰাকী ভোজপুৰী অভিনেত্ৰীক ৷ গ্ৰেপ্তাৰ কৰা ভোজপুৰী অভিনেত্ৰী গৰাকীৰ লগতে ৩ গৰাকী মডেলকো আটক কৰা বুলি জানিব পৰা গৈছে৷
দেহ ব্যৱসায়ৰ চক্ৰৰ সৈতে জড়িত থকা অভিনেত্ৰী গৰাকীয়ে প্ৰতিগৰাকী মডেলৰ বাবদ ৫০ ৰ পৰা ৮০ হাজাৰকৈ টকা লৈ গ্ৰাহকৰ সৈতে চুক্তিবদ্ধ কৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ৷ মুম্বাই আৰক্ষীয়ে অভিযানকালত গ্ৰাহকৰ পৰা টকা লোৱাৰ সময়তে হাতে-লোটে আটক কৰে ভোজপুৰী অভিনেত্ৰীগৰাকীক৷।