ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা!

একেটা পৰিয়ালৰে তিনিগৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ

নেচনেল ডেস্ক:

ত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । একেটা পৰিয়ালৰে তিনিগৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ। খাৰোৰা থানা এলেকাৰ মতিমপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মৃতদেহ কেইটা পিতৃ- মাতৃ আৰু পুত্ৰৰ বুলি জানিব পৰা গৈছে ।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

জানিব পৰা মতে, আৰক্ষী উপস্থিত হোৱাৰ সময়ত কোঠাটোত ওলমি আছিল টুকেশ্বৰ সোণকাৰ নামৰ লোকজনৰ মৃতদেহ। আনহাতে, বিচনাত পৰি আছিল পত্নী নিকি আৰু পুত্ৰ নিহালৰ মৃতদেহ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এয়া হত্যা নে আত্মহত্যা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ।

You might also like
Leave A Reply

Your email address will not be published.