মধ্য প্ৰদেশত দুই মহিলা মাওবাদী নিহত!

ঘটনাটো সংঘটিত হৈছে ৰাজ্যখনৰ বালাঘাট জিলাত

নেচনেল ডেস্ক:

মধ্য প্ৰদেশত আৰক্ষীৰ মাওবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান। অভিযানত আৰক্ষীৰ গুলীত নিহত দুই মহিলা মাওবাদী। নিহত দুই মহিলা মাওবাদী দালামত এৰিয়া কমাণ্ডাৰ আৰু গাৰ্ড হিচাপে নিযুক্ত আছিল বুলি জানিব পৰা গৈছে। নিহত দুই মহিলা মাওবাদী সুনীতা আৰু সৰিতা বুলি চিনাক্ত কৰা হৈছে। ঘটনাটো সংঘটিত হৈছে ৰাজ্যখনৰ বালাঘাট জিলাত ।

সংঘৰ্ষৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী মহাপৰিদৰ্শককে ধৰি একাধিক শীৰ্ষ বিষয়া।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পিষ্টল, গুলী আৰু বহু আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰিছে। জানিব পৰা মতে, ৰাজ্য চৰকাৰে নিহত দুই মহিলা মাওবাদীৰ বিনিময়ত ১৪ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.